Honey_lime_garlic_chicken
সামগ্ৰী...
১. চিকেন ব্ৰেষ্ট ৩ পিছ
২. ময়দা ২ চামুচ
৩. হানি ডাঙৰ ৩ চামুচ
৪. নেমু গুল ৪ পিছ
৫. নেমু ৰস ৩ চামুচ
৬. নহৰু মিহিকৈ কটা ৭/৮ ফুটা
৭. বাটাৰ/অলিভ অইল ২ চামুচ
৮. চয়াচচ ডাঙৰ ২ চামুচ
৯. ভিনেগাৰ ১ চামুচ
১০. জলকীয়া গুৰি ১ চামুচ
১১. জালুক গুৰি ১ চামুচ
১২. জলকীয়া ২ টা
*প্ৰথমে চিকেন পিছ কেইটুকুৰাত জালুকৰ গুড়ি আৰু নিমখ সানি অকণমান সময় থৈ দিব। কেৰাহীত অলিভ অইল বা বাটাৰ ১ চামুচ দিব। চিকেন কেইপিচ ময়দা ত লেটিয়াই কম জুইত সিজা লৈকে ভাজিব।
*পেন এখনত বাটাৰ ১ চামুচ দি মিহিকৈ কাটি লোৱা নহৰু আৰু জলকীয়া দিব অকণ ব্ৰাউন কালাৰ হলে চিকেন কেইপিচ তাত দি দিৱ আৰু কম জুইত ৫ মিনিট মান সময় ভাজিব।
*তাৰপাছত বাতি এটাত চয়াচচ, হানি, জলকীয়া গুৰি, জালুকৰ গুড়ি, ভিনেগাৰ, আৰু নেমুৰ ৰস গোটেই খিনি একেলগে মিলাই লব আৰু চিকেন খিনিত দি কম জুইত নেমু ৪ পিছ দি ৫ মিনিট মান সময় ঢাকনি লগাই হবলৈ দিব। একেবাৰে শেষত ধনীয়া পাত দি পৰিবেশন কৰিব।
অদিতি নাথ
গুৱাহাটী
Comments
Post a Comment