টোপোলা ভাতৰ সৈতে হাঁহৰ বিবিধ.....
★পাতত দিয়া হাঁহ
★বইল হাঁহ
★তিল দিয়া হাঁহ
★কোমোৰাৰ সৈতে হাঁহ
★হাঁহৰ ড্ৰাই ফ্ৰাই
আজি মই অকল পাতত দিয়া ৰেছিপিটো লগত গাঁঠি দিছো......
★পাতত দিয়া হাঁহৰ মাংস....
ইয়াৰ বাবে আপুনি মাংসখিনি সৰু সৰু কটি লব....কলপাত খন অলপ জুইত সেকি লব....মই যিহেতু কৌপাত লৈছো গতিকে সেকি লোৱা নাই...আদা,নহৰু কেঁচা জলকীয়া,নিমখ আৰু কেঁচা মিঠাতেল দুটোপাল মান দি সানি লৈ পাতত টোপোলা কৰি বান্ধি লব। আপোনাৰ ইচ্ছা অনুসৰি যেনেকৈ মন যায় ভাপত দিব পাৰে....ষ্টীমাৰ আছে যদি দিব পাৰে....নহলে কুকাৰত দিব পাৰে.... কুকাৰত ফুটা থকা যিখন প্লেট থাকে কুকাৰৰ লগত দিয়া সেইখন পাতি কুকাৰৰ বাতিত টোপোলা টো দি কুকাৰত পানী দি চিটি মৰাই লব.......নহলে ছিলভাৰ ফইল দি টোপোলা2 কুকাৰত পানীত ডুবাই চিটি মাৰি লব........আৰু এটা উপায় দিওঁ কেৰাহি এখনত টোপোলাটো দি টানকৈ ঢাকোন মাৰি গেছটো sim কৰি ৰাখিব। সেইয়াও যদি নোৱাৰে তেনে কেৰাহিত পানী দি টোপোলাটো ডুব যোৱাকৈ পানী দি সিজাব পানী শুকাই যোৱালৈ....শুকালে দুইফালে ভালকৈ লুটিয়াই পাতখন অলপ জলি যোৱালৈ ৰাখিব কেৰাহিত.....তাৰপিছত নমাই দিব.......
টোপোলা ভাতৰ সৈতে হাঁহৰ বিবিধ..... |
👩🍳ILa Lachan
Comments
Post a Comment