কৰ্দৈ আচাৰ

#আচাৰৰ_মচলা_বা_জানিবলগীয়া_কিছু_কথা

প্ৰত্যেকৰ ঘৰতে অলপ হ'লেও আমি আচাৰ বনাও ।কিছুমান সুক্ষ্ম বিষয় আওকাণ কৰা বাবেই কেতিয়াবা
অলপ দিনৰ পিছতে খোৱাৰ অনুপযোগী হৈ পৰে । আচাৰ বনোৱা মূল উপকৰণ হ'ল নিমখ । Salt Treatment অৰ্থাৎ নিমখৰ উপযুক্ত প্ৰয়োগেহে আচাৰ ভালে ৰখাত সহায় কৰে । বনাব লোৱা উপকৰণটো ভিতৰত নিমখ সোমোৱাৰ পিছত তাৰ পৰা নিমখৰ পানী টুকি পেলাব লাগে এইটো অতি গুৰুত্বপূৰ্ণ কথা ।  আচাৰ শুকুৱাৰ ওপৰতো বিশেষভাৱে মন কৰিবলগীয়া  বহু কথা আছে ।আচাৰ বুলিলে নিমখ/চিৰিকা বা ভিনেগাৰত ডুবাই যিকোনো ফলমূল,শাক-পাচলি  সংৰক্ষণ কৰা পদ্ধতিকে বুজায় । ৰুচিকৰ, মূখৰোচক আৰু সুগন্ধ আনিবৰ বাবে তেল ,নানাবিধ মচলাৰ সংমিশ্ৰণ ঘটোৱা হয়। 

এনে মচলা সমূহ হ'ল জীৰা,ধনিয়া,লং,ইলাচি,
জনি ,সৰিয়হ,জালুক ,জলকীয়া ,গুৱামুৰি (চফ) ,আদা নহৰু আদি। এইবিলাকে অকল স্বাদে নহয় আচাৰ ভালে ৰখাত বহুত সহায় কৰে। বিভিন্ন ফলমূল,পাচলিত কি কি মচলা মিহলি কৰিলে খাবলৈ জুতি লাগে সেয়াও মন কৰিবলগীয়া কথা ।কৰ্দ্দৈ ,নগা টেঙা, লেটেকু,থেকেৰা আদি কোমল ,ৰসাল ফলত বেচি তেল, মচলা দিয়া প্ৰয়োজন নাই ।নিজৰ ৰসেৰে ধনী। ভাল আচাৰ বনাবলৈ বহুতবোৰ সৰু-সৰু কথা মন কৰিবলগীয়া থাকে। যেনেঃ-প্লাষ্টিক বৈয়ামত আচাৰ থ'ব নালাগে ,আইনাৰ /কাঁচৰ বৈয়ামত থ'লেও ধুই শুকান কৰি ল'ব লাগে ,মাজে সময়ে টান ৰ'দত ৰ'দাব লাগে ।ৰ'দাওতে মুখনি এৰুৱাই  বা কাঁচৰ প্লেট দি ঢাকি দিলে  বটলৰ মুখনিবোৰ চক্ চকীয়া হৈ থাকিব । ন'হলে তেলৰ চিকতি লাগি চুবলৈ মন নাযায় আৰু সোনকালে বেয়া হয় । সদায় ধুলি-বালি নপৰিবলৈ ওপৰত কাপোৰ এখনেৰে ঢাকি থ'ব লাগে ,একেৰাহে ৰ'দত দিনে- ৰাতিয়ে থ'ব নালাগে,তিতি থকা হাতেৰে বা চামুচ ব্যৱহাৰ কৰিব নালাগে । 
মন পচন্দ এসাঁজ তৃপ্তিৰে খাবলৈ মানুহৰ হাবিয়াস আজি নহয় অতীজৰে পৰা।আচাৰৰ দৰে খৰিচা,ঔটেঙা 
গুড়ি,বগৰী গুড়ি,কাহুদি-খাৰলি,পানীটেঙা ভাতৰ কাঁহী
কিনাৰত লৈ জুতিলগাই খাব জানিছিল । আচাৰ বা এইবিলাক দ্ৰব্যত বেলেগ বেলেগ খাদ্যপ্ৰাণ থাকে ,ৰুচি বঢ়াই ,হজমত সহায় কৰে । আচাৰৰ গোন্ধ আৰু স্বাদৰ বাবেই সকলোৰে প্ৰিয় । ভাল আচাৰ খোৱাৰ পিছত চাবোন দি হাত ধুই পেলোৱা পিছতো গন্ধ সহজতে নাযায় । 
    আচাৰত গৰম তেল বা  কেঁচা তেল ব্যৱহাৰ হয় যদিও কেঁচা মিঠাতেলে বেচিদিনলৈ আচাৰৰ গুণাগুণ ধৰি ৰাখে  ।মচলা আধা ভজা কৰি নিজে খুন্দি লৈও দিব পাৰে বা কিনা পেকেট মচলাও ব্যৱহাৰ কৰিব পাৰে ।কিন্তু ঘৰত খুন্দা মচলাৰ গুণাগুণ বেচি পাব।ভাল বেণ্ডৰ  তেল ব্যৱহাৰে আচাৰ শেষ হোৱালৈকে সুগন্ধ আহি থাকে আৰু আচাৰো সতেজ হৈ থাকে ।ভিনেগাৰ (এচিটিক এচিদ )নিদিয়াকৈ নিমখৰ সঠিক প্ৰয়োগ আৰু শুকুৱাৰ উন্নত পদ্ধতিতহে আচলতে আচাৰ খাবলৈ সোৱাদলগা আৰু স্বাস্হ্যসন্মত হয়।
(যদি এডমিন সকলে উচিত বুলি ভাৱে …সেইয়ে দিলো)

#কিতাপৰ_বাবে
#কৰ্দ্দৈ_আচাৰ

২|কৰদৈ /কৰ্দ্দৈ আচাৰ
উপকৰণঃ 
কৰ্দ্দৈ -১ কেজি
মিঠাতেল-১/২ বাতি
জলকীয়া গুড়ি -২টেবুল চামুচ
নিমখ--৩টেবুল চামুচ
গুৱামুৰি/চফ,বগা সৰিয়হ --২টেবুল চামুচ
প্ৰস্তুত প্ৰণালীঃকৰ্দ্দৈ কোমল হোৱা বাবে ধুই দীঘলে দীঘলে কাটি  বহল পাত্ৰত নিমখখিনি সানি, তেল , মচলা গুড়ি,জলকীয়া সানি  দুদিন ৰ'দাব।কৰ্দ্দৈ ৰস ওলাই বাবে ভালদৰে শুকুৱাই ল'ব  ।পুনৰ পাত্ৰটো ওপৰত ঢাকনি এখন লগাই দুদিনমান ৰ'দাব । এনেদৰে কৰিলে মচলা কৰ্দ্দৈ টুকুৰাত সোমাই যায় বাবে দুবছৰ থ'লেও বেয়া নহয় ।আইনাৰ বৈয়ামত অলপ হেঁচি হেঁচি ভৰাই লৈ তেল দিব। এনেদৰে কৰিলে তেল অতি ক'ম লাগে আৰু সকলো দ্ৰৱ্যই তেলৰ পৰশ পায় ।বৈয়ামত ভৰাই একেলেথাৰি  চোকা ৰ'দত এসপ্তাহ মান বেচি ৰ'দালে ছমাহ পৰ্যন্ত ৰ'দলৈ পুনৰ উলিয়াব নেলাগে।
    ____________তৰু চেতিয়া ফুকন
                          সেউজপুৰ,ডিব্ৰুগড়-৭৮৬০০১

Comments