চিতল মাছৰ কালিয়া |
#চিতল মাছৰ কালিয়া
#উপকৰণ =
১ = মাছ ৪ পিছ্
২ = পিয়াঁজ ২ টা
৩ = বিলাহী ২ টা
৪ = আদা / নহৰু পেষ্ট ১ চামুচ
৫ = দৈ আধা কাপতকে অলপ কম
৬ = পিছি লোৱা সৰিয়হ ১�চামুচ
৭ = চেনি অকণমান
৮ = জিৰা পাউডাৰ /ধনিয়া পাউডাৰ / জলকীয়া
গুড়ি / আধা চামুচকৈ
৯ = ধনিয়া পাত এমুঠি
১০= প্ৰয়োজন অনুসৰি নিমখ / হালধি / তেল
#প্ৰণালী = মাছ ধুই নিমখ হালধি সানি ললোঁ ৷ কেৰাহিত তেল গৰম কৰি মাছকেইপিছ্ অলপ ভাজি উঠাই থলোঁ ৷ সেই তেলতে আৰু অলপ তেল দি মিহিকৈ কাটি লোৱা পিয়াঁজ দি চেনি অকণমান দি আদা নহৰু পেষ্ট দি ভালকৈ ভাজি মিহিকৈ কাটি লোৱা বিলাহী দি ভাজিলো ৷ তাৰপাছত হালধি মছলা দি অলপ ভাজি পিছি লোৱা সৰিয়হ দি ভাজি লৈ ফেটি থোৱা দৈ দি ভালকৈ লৰাই দিলোঁ ৷ মছলা খিনি ভালকৈ ভজা হ’লত পৰিমাণমতে পানী দি সোৱাদ মতে নিমখ দি উতলাই মাছকেইপিছ্ দি ভালকৈ সিজিবলৈ দিলোঁ ৷ মাছ সিজি জোলখিনি ঘন হৈ আহিলত গৰম মছলা দি ধনিয়া পাত কাটি নমাই গৰমে গৰমে পৰিবেশন কৰিলোঁ ৷
👩🍳 Moon Dutta
Comments
Post a Comment