আমৰ_আচাৰ

#এদিনতে_বনাব_পৰা_আমৰ_আচাৰ

 #আচাৰ বনাবলৈ আম কাটি লৈছে  কিন্ত বতৰ যদি ডাৱৰীয়া হ’ল তেনেহলে সকলোৰে বাৱে এটা বিৰাট সমস্যা আহি পৰে ,নহয়জানো...সেয়ে সকলোৰে সমস্যা সমাধান কৰিবলৈ এদিনতে বনাব পৰা মোৰ আমৰ আচাৰৰ ৰেচিপি এটা আগবঢ়ালো...
#উপকৰণ:
আম:১কেজি,বগাসৰিয়হ:২০০গ্ৰাম,জিৰা:৫০গ্ৰাম,পাচফোৰন:৫০গ্ৰাম,ধনীয়া:৫০গ্ৰাম,শুকান জলকীয়া:৮/১০টা(জলা কম খালে কমাই দিব),কচুৰি মেথি:৪/৫চামুচ,নিমখ:সোৱাদ মতে,হালধী:২চামুচ,ক’লা নিমখ গুৰি কৰা:৩চামুচ,কাশ্মীৰী জলকীয়া গুৰি:১চামুচ,মিঠাতেল:১/২লিটাৰ,ভিনেগাৰ:৩চামুচ
 #প্ৰণালী:
আম খিনি ধুই শুকোৱাৰ পিচত এখন কাপোৰৰে মচি নিজৰ পচন্দ মতে কাটি ল’ব ৷গোটা মচলাখিনি অলপ শুকান কেৰাহীত ভাজি মিক্সিত গুৰি কৰি ল’ব ৷সেই কেৰাহীতে তেল দি তেলখিনি পুৰা গৰম কৰিব ৷এতিয়া গেছ অফ কৰি তেলখিনি অলপ ঠাণ্ডা হ’লে মচলাখিনি ,নিমখ,হালধী,ক’লা নিমখ,জলকীয়া গুৰা সকলোবোৰ দি আম খিনি দিব ৷আকৌ জুইত ৫মিনিট মান ভাজিব ৷এতিয়া জুই নুমুৱাই কচুৰি মেথি আৰু ভিনেগাৰ দিব ৷ঠাণ্ডা হ’লে বটলত ভৰাই থব ৷পিচত অলপ কেচাঁ মিঠাতেল দিব ৷ৰদ দিলে বটলৰ সাফৰ খুলি কেইদিনমান ৰ’দাব ৷
এই পদ্ধতিত বনালে বৰষুনৰ বতৰতো নেভেকুৰাকৈ আমি আচাৰ সংৰক্ষণ কৰি ৰাখিব পাৰো ৷

 #শ্ৰীপাপৰি_শইকীয়া
 #তেজপুৰ

Comments