#মাছৰ_ব্যঞ্জন
#পাচমুখীয়া_কচুৰ_সৈতে_মাছৰ_আঞ্জা
#উপকৰণ:(৪ জনৰ কাৰনে)
*পাচমুখীয়া কচু:১ টা
*ৰৌ মাছ:৪টুকুৰা
*বিলাহী:২টা
*মচুৰ দালি:১/২কাপ
*কুজি ঠেকেৰা:৪/৫টুকুৰা
*পিঠাগুৰি:৩চামুচ
*পাচফোৰন:১/২চামুচ
*শুকান জলকীয়া:২টা
*জিৰা গুৰা:১চামুচ
*নিমখ:সোৱাদ মতে
*হালধী:১চামুচ
*ৰিফাইন বা মিঠাতেল:১ কাপ
#প্ৰণালী:
কচুটো কাটি টুকুৰা কৰি কুকাৰত মচুৰ দালি,কটা বিলাহী, নিমখ ,হালধী দি জোখ মতে পানী দি সিজাই ল’ব৷কেৰাহীত তেল দি মাছকেইটুকুৰা ভাজি ল’ব ৷এতিয়া সেই তেলতে পাচফোৰন,জিৰা গুৰা,শুকান জলকীয়া অলপ ৰঙচুৱাকৈ ভাজি তাতে সিজোৱা আঞ্জাখন ঢালি দিব ৷এতিয়া পিঠাগুৰি, ঠেকেৰা, মাছ কেইটুকুৰা দি অলপ উতলিব দিব ৷ঠেকেৰাৰ পৰা টেঙা ওলাই অলপ টেঙেচি হ’লে ধনীয়া পাত দি জুইৰ পৰা নমাই থব ৷
#পাপৰি_শইকীয়া
#তেজপুৰ
Comments
Post a Comment