#মাংসৰ_ৰেচিপি
#কেপছিকামছিকেন
উপকৰণ:
মুৰ্গীৰ মাংস- আধা কেজি (ব্ৰয়লাৰ ছিকেন)
কেপছিকাম - তিনিটা (ডাঙৰ)
পিঁয়াজ- পাঁচটা (ডাঙৰ )
নহৰু- তিনিটা
আদা- ডাঙৰ এটুকুৰা
টমেট চছ
ছয়া চছ
কেঁচা জলকীয়া- চাৰিটা
জীৰা গুৰি জালুকৰ গুৰি লালমিৰ্চ পাউদাৰ
ৰিফাইন তেল- ডাঙৰ চামুচেৰে দেৰ চামুচ
নিমখ চেনি
প্ৰণালী:
মাংস খিনি অলপ ধুই জীৰা জালুকৰ গুৰি লালমিৰ্চ পাউদাৰ আদা নহৰু ৰ পেষ্ট টমেট চছ ছয়া চছ দি মেৰিনেট কৰি দুঘন্টা মান ফ্ৰীজত ৰাখিলো। এতিয়া কেৰাহীত ৰিফাইন তেল গৰম কৰি মাংস খিনি সামান্য নিমখ দি কম জুইত দহ মিনিটমান ভালকৈ ভাজিলো । ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি লোৱা কেপছিকাম আৰু পিঁয়াজ ৰ টুকুৰা মাংসখিনিত দিলোঁ জলকীয়া দুটা ও টুকুৰা কৰি দিলোঁ । পাচলি খিনি সিজিবলৈ লওঁতেই ডাঙৰ চামুচৰে এচামুচকৈ টমেট চছ চয়া চছ দিলো । অকণমান চেনি আৰু সোৱাদ ৰ জোখাৰে নিমখ দিলোঁ । অকণমান গৰম পানী দি ভালদৰে উতলাত অকণমান জালুকৰ গুৰি আৰু সৰু চামুচেৰে দেৰ চামুচ কুটি লোৱা আদা নহৰু জলকীয়া দি তিনি মিনিটমান বেছি জুইত উতলাই নমাই থলো।
প্ৰস্তুতি: পাপৰি মালা ভূঞা
গহপুৰ, বিশ্বনাথ ।
Comments
Post a Comment