# Grill fish with fresh coriander leaves
গোটা মাছ - ১ টা ৪০০/৫০০ গ্ৰাম ওজনৰ
মিঠাতেল - ২ চামুচ
নিমখ - জোখমতে
ধনিয়া পাত - ১ মুঠি
নহৰু - ৩/৪ ডাঙৰ ফুটা
আদা - ১ ইন্সিৰ এটুকুৰা
কেঁচা জলকীয়া - ৩/৪ টা
১) প্ৰথমতে, মাছ ধুই , শুকোৱাই লৈ দুয়ো ফালে লাইন লাইন কৈ কাতি লৱ ,
২) এতিয়া ধনিয়া, আদা, নহৰু, কেঁচা জলকীয়া মিস্কিত পিহি লৈ , নিমখ অাৰু তেল দি মেৰিনেত কৰাৰ পেষ্ট বনাই লৱ
৩) মাছ টো ভিতৰে- বাহিৰে মছলাৰ পেষ্ট সানি আগতে ২০০ ডিগ্ৰীত গৰম কৰি ৰখা অভেনত ১০ মিনিত কৈ দুয়োফালে বেক কৰি
৪) শেষত ১ মিনিট কৈ দুয়োফালে গ্ৰীল কৰিৱ , অভেনত গ্ৰীল কৰাৰ সুবিধা নাথাকিলে গেছৰ জুইত পুৰি লৱ
# Grill fish with fresh coriander leaves 👩🍳 Chayanika Baruah |
Comments
Post a Comment