Fish tikka masala

#Fish tikka masala


#ৰেচিপি: বাহু মাছ কেইটুকুৰা ভালদৰে ধুই টিছু পেপাৰ দি মাছৰ পানী ভালদৰে টুকি ল'লো৷এটা বাটিত আধাকাপ ডাঠ দৈ ল'লো৷আন্দাজমতে নিমখ,হালধি,কাশ্মীৰী ৰেড মিৰ্চ,ধনিয়া গুৰি,জালুকৰ গুৰি,গৰম মচালা গুৰি,জিৰা গুৰি দি দৈৰ সৈতে ভালদৰে মিশ্ৰণ বনাই মাছকেইটুকুৰা  ১ ঘণ্টামান মেৰিনেড কৰি ৰাখিলো৷

       স্কীৱাৰ্চ দুডালমান নিমখ পানীত আধা ঘণ্টা তিয়াই ৰাখিলো৷মেৰিনেড কৰা মাছ কেইটুৰা স্কীৱাৰ্চ ত ভৰাই ল'লো৷প্ৰিহিত অ'ভেনত ১৫ মিনিট ৰাখি বেক কৰি ল'লো৷

       কেৰাহীত অকনমান তেল গৰম কৰি দুটামান ডালচিনি,ইলাচি দিলো৷পিয়াঁজ এটা কাটি দিলো৷বিলাহী ৩ টা টুকুৰা কৰি কাটি দিলো৷কাজু এমুঠি দিলো৷কেৰাহীত অলপ সময় কম জুইত ৰাখি নমাই থ'লো৷ মিশ্ৰণটো ঠাণ্ডা কৰি মিক্সীত পেষ্ট বনাই ল'লো৷

        কেৰাহীত দুচামুচ বাটাৰ দি গলিলত এচামুচ আদা-নহৰুৰ পেষ্ট দিলো৷সামান্য ভাজি মিক্সীত থকা পেষ্টখিনি দিলো৷আন্দাজমতে নিমখ,হালধি,জিৰা গুৰি,কাশ্মীৰী মিৰ্চ পাউদাৰ দিলো৷অলপ কচুৰি মেথি মোহাৰি দিলো৷সামান্য পানী যোগ কৰি কম জুইত অলপ সময় ৰাখিলো৷অলপ ক্ৰিম দি ভালদৰে মিহলাই মাছকেইটুকৰা দিলো৷ধনিয়া পাত দি নমাই পৰিবেশন কৰিলোঁ৷

👩‍🍳Chiranjeeta Borah

Comments