উপকৰণ :
১.পনীৰ -২০০ গ্ৰাম
২.বিলাহী -৪টা
৩.কাজু-এমুঠি
৪.জিৰা, ধনীয়া , জলকীয়া গুৰি সৰু চামুচেৰে -১ চামুচ কৈ
৫.পিয়াঁজ -২টা (ডাঙৰ )
৭.নহৰু (৬/৭ফোটা )আদা সৰু এডোখৰ
৮.গোটা মচলা , গৰম মচলা অকণমান
৯.কচুৰিমেথি -২চামুচ মান
১০.ক্ৰীম -৪চামুচ
১১.ঘিউ -৪চামুচ ( তেল ও দিব পাৰে )
১২.নিমখ জোখমতে , হালধি সামান্য
প্ৰণালী :
তিয়াই থোৱাৰ কাজু খিনি পেষ্ট বনালোঁ । বিলাহী , পিয়াঁজ , নহৰু আদাৰ একেলগে পেষ্ট কৰি ললোঁ । এখন ননষ্টিক পেনত ঘিউ গৰম কৰি গোটা মচলা লং , ইলাচী , ডালচেনি দি বিলাহীৰ পেষ্ট দিলোঁ ৩মিনিটমান ভাজি জিৰা , ধনিয়া ,হালধি , জলকীয়া গুৰি দি আকৌ একমিনিট ভাজি কাজুৰ পেষ্ট আৰু নিমখ দি কম জুইত ভাজি থাকিলোঁ । যেতিয়া মিশ্ৰণটোৱে তেল এৰিলে পনীৰ আৰু পানী ২কাপ দি উতলাই ঘন হোৱাত কচুৰিমেথি, গৰম মচলা আৰু ক্ৰীম দি নমাই থলোঁ । শেষত ক্ৰীম আৰু কচুৰিমেথি চটিয়াই পৰিবেশন কৰিলোঁ ।
👩🍳 Surabhi Dutta
Comments
Post a Comment