#Nonveg
#আচাৰ ৰেচিপি
#মাংসৰ আচাৰ
#বয়লাৰ মাংস
#উপকৰন
হাড় নোহোব়া মাংস আধা কেজি , সৰু সৰু জোখৰ
আদা নহৰুৰ পেষ্ট ৫০ গ্ৰাম
জিৰা গুৰি দুচামুচ
জলকীয়া গুৰি এচামুচ
পকা জলকীয়া আঠটামান (জ্বলা হোব়াৰ জোখত)
নিমখ হালধী জোখমতে
তেল ১০০ গ্ৰাম
গৰম মচলা এচামুচ
নৰসিংহ পাত কেইখিলা মান
নেমু ৰস আধা কাপ
#প্ৰণালী
কোমল মাংস খিনি সৰু সৰু কৈ কাটি ভালদৰে ধুলো | পানী চেপি নিমখ আৰু হালধী সানি পাএ এটাত থৈ কপাহি কাপোৰেৰে মুখ খন বান্ধি ৰ'দত দিলো , দুঘন্টাৰ বাবে | ৰ'দৰ তাপত বাহিৰ কৰা মাংসৰ অতিৰিক্ত পানী খিনি আতৰাই ললো | প্ৰস্তুত কৰা মচলা খিনিৰ পৰা অলপ অলপ জোখেৰে মচলালৈ মাংস খিনিত সানি ললো | তেনে দৰে এঘন্টা ৰাখিলো | কেৰাহী গৰম কৰি তেল খিনি গৰম কৰি ললো | নৰসিংহ পাত কেইখিলা ভাজি প্লেটত ৰাখিলো | মাংস খিনি ভাল দৰে ভাজি ললো , পানী নথকাকৈ | আদা নহৰুৰ পেষ্ট আৰু পকা জলকীয়াৰ টুকুৰা কেইটা ভাজি ললো | তাতে ভজা মাংস খিনি ভালদৰে হেতাৰে মিহলাই দিলো | জিৰা আৰু গৰম মচলা আৰু জলকীয়াৰ গুৰিও দিলো | কম জুইত মাংসৰ সুগন্ধ অহালৈকে ভাজি থাকিলো | নিমখৰ জোখ চেকি চালো | আচাৰ তৈয়াৰ হোব়াত নেমুৰ ৰস আৰু নৰসিংহৰ পাত মিহলাই দি দুই মিনিটৰ পাছত নমাই থলো |
কাঁচৰ বৈয়ামত ভৰাই মাজে মাজে ৰ'দত দি কেইবা মাহলৈ খাব পাৰিম |
#আদা নহৰুৰ পেষ্ট বেছিকৈও লব পাৰি |
👩🍳Lalit SAIKIa
Comments
Post a Comment