#Spinach Chicken #Palak Chicken

#Spinach Chicken #Palak Chicken 

পালেং শাক  খিনি ভালদৰে ধুই (মই  ঠাৰিৰে সৈতে দিওঁ, মাথো একেবাৰে বুঢ়া ঠাৰি বোৰহে পেলাই দিও) একেবাৰে উতলা গৰম পানীত 5 মিনিট  ডুবাই  থৈ(ঢাকোন নিদিয়াকৈ) উঠাই টুকি  লগে লগেই একেবাৰে ঠান্ডা পানীত(ফ্রিজৰ হলে ভাল) ডুবাই  দিলো। পিছত মিক্সিত অলপ সৰহকৈ ধনীয়া পাতৰ সৈতে  মিহি পেষ্ট বনাই ললো। 

কেৰাহীত মিঠাতেল গৰম কৰি, পিয়াজ -আদা-নহৰু ৰ পেষ্ট, তেজপাত, কেঁচা জলকীয়া দি তেল বিৰিঙি উঠালৈ ভাজি জিৰা-ধনিয়া গুৰি, কাশ্মিৰী জলকীয়া গুৰি, হালধি (কমকৈ) দি ভালদৰে  ভাজি  টমেট পিউৰি দি পুনৰ  তেল বিৰিঙি উঠালৈ ভাজি  মাংসখিনি দিলো, লৰাই লৰাই ভালদৰে ভাজিলো।  নিমখ  আৰু অলপমান চেনি দিলো। মাংস ভালদৰে ভাজ খোৱাত পানী  দি  উতলিবলৈ দি  ঢাকোন  দিলো। মাংস সিজি  গ্রেভী ডাঠ  হৈ  অহাত পালেং ধনীয়াৰ পেষ্ট খিনি দি  মধ্যমীয়া  জুইত  উতলিবলৈ দিলো। ঢাকোন একেবাৰে  দিব নালাগে দেই । (বহুতো সখীয়ে হয়তো জানেই) ঢাকোন দিব নালাগে  বুলি  এইবাবেই কৈছো,  যে পালেং চিকেনেই হওঁক বা  পালেং পনীৰেই হওঁক পেষ্ট খিনি দিয়াৰ পিছত ঢাকোন দি বনালে তাৰ সেউজীয়া  ৰং টো বেয়া  হৈ   যায়। অলপ  ক্ৰীম দি লৰাই 10 মিনিট মানৰ পিছত  গেছৰ পৰা নমাই  থলো।

ওপৰত পুনৰ অলপ ক্ৰিম দি গার্নিচ কৰিলো।

#Spinach Chicken #Palak Chicken 

#Spinach Chicken #Palak Chicken


👩‍🍳Ashanina Borpatra Gohain 

Comments