#KFC_style_chicken_hot_n_crispy

#KFC_style_chicken_hot_n_crispy


Recipe:

প্ৰথমে মাংস কেইটুকুৰা ধুই পাত্ৰ এটাত লৈ চয়া চচ্ ,জালুকৰ গুৰি, আদা-নহৰু আৰু অলপ নেমু ৰসেৰে সানি 2 ঘন্টাৰ বাবে মেৰিনেট কৰিলো। fish sauce  দিব পাৰে। মোৰ ওচৰত নথকাৰ বাবে দিয়া নাই। 

মাংস খিনি দুঘন্টা হোৱা আগে, আগে এটা পাত্ৰত  চাৰিকাপ ময়দাৰ লগত দুচামুচ cornflour, জলকীয়া গুড়ি, নিমখ মিহলাই ল'লো। (এইখিনি আগতে বনাই ৰখা  হ'লে নহ'ব) 

এতিয়া মাংসখিনি আকৌ এবাৰ  ল'ৰাই ময়দাৰ গুড়িত ভালদৰে লেটিয়াই ঠাণ্ডা পানীত জুবুৰিয়াই দিলো। যেতিয়ালৈকে পানীখিনিত বুৰবুৰণি ওলোৱা শেষ নহয় তেতিয়ালৈকে মাংসখিনি তেনেকৈ ৰাখিব লাগে। তাৰ পিছত মাংসখিনি আকৌ ময়দা ভালদৰে লুটিয়ালে  KFC ৰ  crispy ৰ নিচিনা হ'ব। মাংসবোৰ এটুকুৰা এটুকুৰা কে সানিব লাগে ।তাৰ পিছত ৰিফাইন তেলত ভাজিলো। 

#KFC_style_chicken_hot_n_crispy

#KFC_style_chicken_hot_n_crispy

বি.দ্ৰ: মাংসখিনি ছাল থাকিলে বেছি ভাল হয়

👩‍🍳Pubarshree Kashyap Gogoi

Comments