চিকেন_গ্ৰেভি চিলি_চিকেন

 আজি নতুনকৈ এবিধ চিকেন বনালো। কেপচিকাম আৰু প'ষ্ট'ৰে( poppy seeds) চিকেন বনালো আৰু চিম্পল  চিলি চিকেন। চিকেন খিনিত মই মেৰিনেচন কৰোতে পদিনা আৰু ধনীয়া ব্যৱহাৰ কৰিছো।

#চিকেন_গ্ৰেভি:- মাংস খিনিত আদা নহৰু পেষ্ট, পকা জলকীয়া এটা, পিয়াজ, ধনীয়া পদিনাৰ পাত অলপ, ঘৰতে বনোৱা গৰম মচলা, জিৰাগুৰি , হালধি, নিমখ দি এঘণ্টাৰ বাবে মেৰিনেট কৰিলো। তাৰ পিছত তেলত জীৰা আৰু তেজপাত দি পিয়াজ আৰু বিলাহী ভাজিলো। তাৰ পিছত মাংস দি হাই ফ্লেমত ভাজি অলপ পানী দিলো । উতল আহি মাংস প্ৰায় সিজোতে কেপচিকাম দিলো। তাৰ পিছত পষ্ট দানাৰ পেষ্ট দুই চামুচ আৰু কঁচুৰী মেথি দি নমাই থলো।

#চিলি_চিকেন:- বনলেচ চিকেন খিনি আদা নহৰুৰ পেষ্ট, ভিনেগাৰ, নিমখ,চয়া চচ দি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰিলো। তাৰ পিছত অলপ কৰ্ণফ্লৰ দি তেলত ফ্ৰাই কৰি ৰাখি ললো। কেৰাহীত তেল গৰম কৰি নহৰু, আদা আৰু পিয়াজ ভাজি লৈ  চয়া চচ, চিলি চচ, ভিনেগাৰ, কেটচাপ দি কিছু সময় ভাজি কেপচিকাম আৰু চিকেন দিলো। সোৱাদ অনুসৰি নিমখ দিলো। তাৰ পিছত এচামুছ কৰ্ণফ্লৰ পানীত গুলি দি দিলো আৰু ধনীয়া পাত দি নমাই থলো।

চিকেন_গ্ৰেভি চিলি_চিকেন

চিকেন_গ্ৰেভি চিলি_চিকেন

👩‍🍳Dr. Rainy Devi

Comments