হাঁহৰ ডিমৰ সৈতে বাবৰি শাকৰ ভাজি

দেওবাৰ বিশেষ

# হাঁহৰ ডিমৰ সৈতে বাবৰি শাকৰ ভাজি#

#বেঙেনাৰ সৈতে মাছৰ পেটু ভাজি#

#জিলমিল শাক, খুটৰা শাক আৰু বিলাহীৰে মাছৰ তৰকাৰী

সকলোৱে জানেই ৷তথাপি নিয়ম অনুসৰি ৰেচিপি দিলো 


তেলত অকনমান সৰিয়হ ফুটাই পিয়াজ আৰু দুফোটামান  গোটা নহৰু দিলো৷বাবৰি শাকখিনি নিমখ হালধি দি ভাজিলো৷শাক সিজোতে হাঁহৰ ডিম এটা ভাঙি দিলো৷নমাবৰ সময়ত ধনিয়া পাত অৰু কেচা জলকীয়া দিলো৷


জিলমিল শাক আৰু খুটৰা শাক দুমুঠিকৈ,দুটা বিলাহী ,আলু দুটা,কেচা জলকীয়া আৰু এমুঠি মচুৰ দাইল কুকাৰত পানী আৰু নিমখ দি তিনিটা হুইচেল মাৰি সিজালো৷ পাচফোৰণ,শুকান জলকীয়া,পিয়াঁজ আৰু হালধি দি তেল মাৰি ভাজি থোৱা মাছখিনি দিলো অলপ সময় উতলিবলৈ দিলো৷ধনীয়া পাত কুটি দি গেছ অফ কৰিলোঁ৷

👩‍🍳Sangita Devi

Comments