চিতল মাছৰ কলঠী ৰ জোল

বিলাহি,পিয়াজ কেঁচাজলকীয়া পেষ্ট আৰু ক'লাজিৰা দি #চিতলমাছৰকলঠী ৰ জোল


#উপকৰণ


১/চিতলমাছৰ কলঠী ৪/৫ ডোখৰ 

২/বিলাহী ৩ টা

৩/ পিয়াজ ৩টা 

৪/কেঁচা জলকীয়া ৪/৫টা

৫/ক'লাজিৰা ১ চাহ চামুচ

 ৬/ কেঁচামটৰ কেইটামান

৭/ নিমখ-হালধি জোখমতে


 #প্ৰণালী……


  প্ৰথমে বিলাহী, পিয়াজ,কেঁচাজলকীয়া ৰ'ষ্ট কৰি মিস্কিত পেষ্ট  বনাই,ল'ব। কেৰাহীত জোখমতে মিঠাতেল দি মাছকেইডোখৰ ফ্ৰাই কৰি ল'ব।

 সেই মাছভজা তেলতে মিহিকৈ কাটিলোৱা পিয়াজ এটা  আৰু ক'লাজিৰা ফুৰণত দিব। অলপ সময় ভাজি ৰঙচোৱা হ'লে বনাই থোৱা পেষ্ট খিনি দিব। ভালকৈ ভাজ খালে জোখমতে পানী দিব। লগতে মাছকেইডোখৰ  দি উতলিবলৈ দিব। কেঁচামটৰ আৰু কেঁচাজলকীয়াও দিব। এনেদৰে কম জুইত উতলাই জোলখনত তেল বিৰিঙি আহিলে মিহিকৈ ধনিয়াপাত কাটি দি নমাই,গৰমে গৰমে পৰিবেশন  কৰিব।

চিতল মাছৰ কলঠী ৰ জোল

চিতল মাছৰ কলঠী ৰ জোল

👩‍🍳Aimoni Dihingia

Comments