Veg_pulao_and_tomato_chicken_gravy

Veg_pulao_and_tomato_chicken_gravy

#veg_pulao:দুকাপ বাচমতি চাউল আধাঘণ্টামান তিয়াই ভালকৈ টুকি লৈ পানীবোৰ যাবৰ বাবে এটা ফুটা থকা খৰাহীত থৈ দিলো। কেঁচা মটৰ সৰু বাতি এটাৰে এবাতি গুচাই ললো। এটা মজলীয়া আকৃতিৰ গাজৰ ধুই কিউ আকাৰত কাটি ললো। কুকাৰটো গেছত দি তিনিচামুচ ঘিঁউ দি গৰম হোৱাত লং, ইলাচি আৰু দালচেনি কেইটুকুৰামান দি লৰাই দিলো। এতিয়া চাউলখিনি দি দুইমিনিট মান ভাজি মটৰ আৰু গাজৰখিনি দি ভালদৰে মিহলাই পুনৰ পাঁচমিনিটমান ভাবিলো। ধুনীয়াকৈ গোন্ধ ওলালে চাউলখিনি ঢাক খোৱাকৈ পানী দি কুকাৰৰ সাঁফৰ খন মাৰি দিলো। এটা হুইচেল মাৰিলত গেছ বন্ধ কৰি নমাই থলো। 

Veg_pulao_and_tomato_chicken_gravy

# Tomato_chicken_gravy:মাংস চাৰিশগ্ৰাম হালধি আৰু অলপ আদা নহৰুৰ পেষ্ট দি পোন্ধৰ মিনিট মান মেৰিনেট কৰি ৰাখিলো। দুটা পিয়াঁজ মিক্সিত পেষ্ট কৰি ললো। তিনিটা বিলাহী পেষ্ট তৈয়াৰ কৰি ললো। এটা আলু টুকুৰা কৰি ললো। এতিয়া কেৰাহীত এহেতামান তেল গৰম কৰি পিয়াঁজৰ পেষ্টখিনি দি দুইমিনিট মান ভাজি আদা নহৰুৰ পেষ্ট দি আৰু অলপ ভাজিলো। অলপ ৰঙচুৱা হোৱাত বিলাহীখিনি দি তেল পৃথক নোহোৱালৈকে ভাজিলো। তাতে আধাচামুচকৈ জিৰাগুৰি আৰু গৰম মছলা দিলো। এতিয়া মাংসখিনি দি ভাজি থাকিলো। আলু কেইটুকুৰা দিলো। অলপ পানী দি ঢাকোন দি সিজিবলৈ দিলো। মাজে মাজে অলপ অলপকৈ পানী দি লৰাই থাকিলো। মাংস সিজাই নমাই থলো।

Veg_pulao_and_tomato_chicken_gravy

👩‍🍳 ৰিজুমনি নাথ

Comments