Mutton Pickle

Mutton Pickle

#ছাগলী মাংসৰ আচাৰ

(মা'টনৰ আচাৰ)


ছাগলী মাংস -----৫০০ গ্ৰাম (হাড়‌ নোহোৱা)(সৰু সৰু টুকুৰা কৰি লোৱা)

আদা ----১ টুকুৰা (মিহিকৈ কুটি লোৱা)

শুকান জলকীয়া ----৫/৬ টা

গোটা সৰিয়হ ---১ চামুচ

সৰিয়হ গুৰি  -----২ চামুচ

জলকীয়া গুৰি ---২চামুচ

ধনীয়া গুৰি -----২ চামুচ

জীৰা গুৰি ----২ চামুচ

কাশ্মিৰী জলকীয়া গুৰি ---২ চামুচ(ৰঙা ৰঙটোৰ হবৰ কাৰণে )

নিমখ,হালধি ---জোখ অনুপাতে

লং ----৩/৪ টা 

নৰসিংহ পাত ----১০/১১ টা মান

ভিনেগাৰ ------5/6 চামুচ (জোখ অনুপাতে)

নেমু ৰস -----২ চামুচ

তেল ----জোখ অনুপাতে।


প্ৰণালী -----


প্ৰথমে এটা পেচাৰ কুকাৰত ছাগলী মাংস খিনি দি লগত নিমখ দি 3/4 টা হুইচেল মৰাই নমাই থব। 

যেতিয়া কুকাৰ খোল খাব মাংস খিনি উলিয়াই অলপো পানী নথকাকৈ টুকি লৈ গৰম তেলত ফ্ৰাই কৰি এখন প্লেটত টুলি থব।


এতিয়া আন এখন কেৰাহিত তেল দি সৰিয়হ,লং,আদা,শুকান জলকীয়া,নৰসিংহ পাত আদি বস্তূবোৰ দি গেছটো অফ কৰি দিব তাৰ পিছত সেই মছলা খিনিতে জলকীয়া গুৰি,জীৰা গুৰি,ধনীয়া গুৰি,কাশ্মীৰি জলকীয়া গুৰি,হালধি ,নিমখ দি পুনৰ গেছটো অন কৰি লৈ ফ্ৰাই কৰি লোৱা মাংস খিনি সেই মছলা খিনিত দিব। ভালদৰে লৰাই দিব যাতে মছলা খিনি মাংসত ভালদৰে সোমাই যায়। লগত ভিনেগাৰ আৰু নেমুৰস দি আকৌ লৰাই দিব।যেতিয়া মাংস খিনিৰ ভিতৰত মছলা খিনি সোমাই যাব তেতিয়া গেছ অফ কৰি ঠান্ডা হবলৈ দি বটলত ভৰাই ৰাখিব। এই মাংসৰ আচাৰ বিধ ফ্ৰিজত ৰাখি । দহ দিনৰ পৰা পোন্ধৰ দিনলৈ খাব পাৰে।

Mutton Pickle





MamyPoko Pants - Lhttp://dl.flipkart.com/dl/mamypoko-pants-l/p/itmez8g4tq3zzzfy?pid=DPRFYJ8FHJWZMSRF&cmpid=product.share.pp

👩‍🍳 Pompi Sharmah Khaund

Comments