Kerala Fish Curry with Cocoanut milk
সামগ্ৰী :
#ভাঙোন মাছ 6 টা
#পিয়াজ তিনিটা পেষ্ট কৰি লোৱা
#আদা এক ইঞ্চি , নহৰু 5 ফুটা পেষ্ট কৰি লোৱা
#বিলাহী দুটা পেষ্ট কৰি লোৱা ।
#জিৰা গুৰি 1/2 চামুচ
#ধনীয়া গুৰি 1 চামুচ
#জলকীয়া গুৰি 1 চামুচ
#নিমখ , হালধি জোখত
#নাৰিকলৰ গাখীৰ (এটা নাৰিকল অলপ
পানী দি মিক্সিত মাৰি গাখীৰ উলিয়াই লব ।
#ৰিফাইন বা নাৰিকল তেল চাৰি চামুচ
#ধনীয়াপাত পছন্দ অনুসৰি।
প্ৰণালী:
কেৰাহীত তেল গৰম কৰি পিয়াজ ,নহৰু,আদা
পেষ্ট ভাজিব লগতে নিমখ,হালধি,মচলাগুৰি দিব ।
অলপ তেল ওলোৱাযেন দেখিলে বিলাহী পেষ্ট
দি আকৌ অলপ ভাজি নাৰিকলৰ গাখীৰ খিনি
দিব , প্ৰয়োজন হলে অলপ পানী দিব । উতালিলে
মাছকেইটা দি ( ফ্ৰাই কৰিব নালাগে) ঢাকোন দি
উতলাই নিজৰ জোখত গ্ৰেভী ৰাখি নমাই
ধনীয়া কাটি পৰিবেশন কৰিব ।
👩🍳Moonmi Sikha Puzari
Kerala Fish Curry with Cocoanut milk |
Comments
Post a Comment