ৰেচিপি:-
কেঁচা আমলখি শিলিখা ৪/৫ টাকৈ
আলু ২ টা বইল কৰিলোৱা
নহৰু ১০ ফুটামান বাকলিৰে সৈতে
মাছ(যিকোনো থলুৱা মাছ)
শিলিখা আমলখি কেইটা গুটি গুছাই খুন্দনাত খুন্দি ললো| নহৰু বাকলিৰেসৈতে থেতেলিয়াই ললো| মাছ কেইটা বাছি ঠিকঠাক কৰি ললো| কেৰাহীত অকনমান তেল দি নিমখ হালধী সানি লোৱা মাছ কেইটা প্রথমে অকনমান ভাজি ললো| তাতে নহৰুখিনি দি মাছৰ লগতে আকৌ ভাজিলো | খুন্দি থােৱা শিলিখা আমলখিখিনি দি ভালকে লৰাই দিলো| বইল আলু পিতিকি দি দিলো| এতিয়া জোলৰ জোখত ভাতৰ নিসনি নিমখ হলধী আন্দাজত দিলো| নিসনি দিলো জোলকন অকন দাঠ হয়| ধাকোন মাৰি ভালকে উতল আহিব দিলো| উতল আহিলত পিয়াজ পাত কেইটামান চতিয়াই দিলো| ধনীয়াও দিব পাৰে নিদিলেও নাই| খাবলে খুব ভাল হোৱাতহে আপোনালোকলৈ আগবঢ়ালো |
মাগুৰ মাছ |
👩🍳দেৱযানী দত্ত
Comments
Post a Comment