মাছৰ কোফ্টা কাৰি
Fish Kofta Curry
যিকোনো কম কাইট থকা ডাঙৰ মাছ ব্যৱহাৰ কৰিব পাৰি। মাছ কেইটোকোৰা নিমখ অলপ দি বইল কৰি লৈ কাঁইট বোৰ ভালদৰে বাছি ললো। তাৰপিছত মিহিকৈ কটা পিয়াজ,আদা নহৰু বটা,জিৰা গুৰা,ধনীয়া গুৰা,জলকীয়া গুৰা,অকণমান নিমখ (যিহেতু বইল কৰোতে দিয়া হৈছিল), আৰু কণী এটা দি ভালদৰে সানি সৰু সৰু বল আকাৰত বনাই গৰম তেলত ৰঙা হোৱাকৈ ভাজি ললোঁ।
এতিয়া আকৌ কেৰাহীত তেল গৰম কৰি পিয়াঁজ পেষ্টখিনি দি অলপ ভাজি আদা-নহৰু বতাখিনি দিলোঁ ৷তাৰ পিছত মিহিকৈ কুটা বিলাহী এটা দিলোঁ ৷ এতিয়া নিমখ, হালধি,জিৰা গুৰা,ধনীয়া গুৰা,জলকীয়া
দি কাজু পেষ্ট ,ট’মেট চ’চ আৰু সামান্য দৈ অলপ দি লৰাই ঢাকি দিলোঁ ৷ ওপৰে ওপৰে তেল বিৰিঙি উঠিলে কোফ্টা কেইটা দি অলপ লৰাই একাপমান কুহুমীয়া পানী দি উতলিব দিলো। অৱশেষত ভালদৰে উতল আহি গ্ৰেভী ঘন হৈ অহাত গৰম মচলা দি নমাই থলো।
👩🍳 Priyanka Chaliha Bhattracharjee
মাছৰ কোফ্টা কাৰি Fish Kofta Curry |
Comments
Post a Comment