#Fish and veggies in white sauce
#ক্ৰীমী বাচা মাছ বতৰৰ পাচলিৰ সতে
উপকৰণসমূহ
বাচা মাছ- চাৰিপিছ (দুজনৰ বাবে)৷ টেস্ট অনুসৰি বেছি কমো লব পাৰে৷
কটা গাজৰ, ফ্ৰেন্সবীণ, জুকিনি, মটৰ/ বুট- এবাটি
পিয়াজ আৰু আদা মিহিকৈ কুটা- দুই টেবুল চামুচ
মিহিকৈ কটা নহৰু- এক চাহ চামুচ
বাটাৰ- তিনিটা সৰু কিউব
হেভী ক্ৰীম/ আমুল ক্ৰীম- ১/৪ কাপ
গাখীৰ-১/২ কাপ
পাৰমেজান চ্চীজ- জুতি অনুসৰি৷ মই প্ৰায় দুচিকুট মান লৈছো৷
প্ৰণালী- মাছখিনিত চফ গুৰি, ইলাচী গুৰি আৰু নিমখ লেটিয়াই আধাঘন্টামান মেৰিনেড কৰি ৰাখিছো৷ তাৰ পিছত মাইক্ৰোৱেভত দহ মিনিটমান স্টীম কৰিছো৷ এখন টাৱাত বাটাৰ অলপ গৰম কৰি মাছ কেইপিছমান সাধাৰণ ভাজিছো যাতে একেবাৰে লেতুসেতু হৈ নাথাকে৷ এখন কেৰাহীত অলপ বাটাৰ গৰম কৰি পিয়াজ আৰু আদা কুটাখিনি ভাজিছো৷ অলপ ৰঙচুৱা হলত পাচলিখিনি ঢালি দি মিডিয়াম ফ্লেমত ভাজিছো ৷ পাচলিখিনি সাধাৰণ মচমচীয়া হলে বেছি ভাল হয়৷ মাইক্ৰোৱেভতো ৰোস্ট কৰিব পাৰে যদি কেৰাহীত কস্ট পায়৷ এইবাৰ আন এটা কেৰাহীত বাটাৰ গৰম কৰি নহৰুখিনি ভাজিছো৷ তাৰ পিছত হেভী ক্ৰীম আৰু গাখীৰ মিহলাই লৰাই আছো দুই মিনিটমান৷ মিশ্ৰণটোৰ পৰা গাখীৰৰ গোন্ধটো কমি নহৰু মিশ্ৰিত সুগন্ধি এটা আহিলে তাত অকমান অৰিগেনো ফ্লেকছ বা কেচা ধনীয়া দি নমাই থব৷ এতিয়া এটা মাইক্ৰোৱেভ চেফ পাত্ৰত প্ৰথম লেয়াৰ পাচলিখিনি, দ্বিতীয়তে তাৰে ওপৰত মাছ খিনি দি ক্ৰীম মিশ্ৰণটো ঢালি দিয়ক৷ এতিয়া ওপৰৰ পৰা চ্চীজ অলপ দি এক মিনিটমান মাইক্ৰোৱেভ কৰক৷ চ্চীজখিনি গলিলেই নমাই থব৷ অলপ ঠাণ্ডা হোৱাৰ পিছত গৰম ভাত বা পাস্টাৰ লগত পৰিবেশন কৰিব পাৰে৷
Fish and veggies in white sauce |
👩🍳 Trishna T Bhuyan
Comments
Post a Comment