Creamy chicken Korma

Creamy  chicken Korma


প্ৰথমে মাংসখিনি ধুই ৰাখিলো| দুটা পিয়াজ মিহিকৈ কাটিলো| কেৰাহীত তেল গৰম কৰি পিয়াজখিনি golden brown কৈ ভাজি জুইৰ পৰা নমাই অলপ থান্দা হব দিলো| দৈ আধা কাপৰ জোখত ললো| দৈ, পিয়াজখিনি আৰু কেইটামান কাজু বাদাম mixit paste এটা বনালো|

কেৰাহীত ঘি গৰম কৰি তাত তেজপাত, এটুকুৰা দালচিনি, কেইটামান লং, ইলাচী, গোটা জালুক ৬-৭ টা মান দি ভালদৰে লৰালো| সৰু বিলাহী এটা কাটি দিলো| মাংসখিনি দি অলপ ভজিলো| ৰংটো অলপ সলনি হওতে তাত আদা নহৰু বটা, নিমখ, ৰঙা জলকীয়া গুৰি, হালধী, জিৰা, ধনীয়া গুৰি,কেচা জলকীয়া দুটা দি কিছু সময় ভালদৰে মিহলালো| জুই অলপ কমাই দি পিয়াজ, কাজু আৰু দৈৰ paste খিনি ঢালি দি অলপ সময় লৰাই অলপ পানী দিলো| আধা চামুচ গৰম মছলা গুৰি দিলো| কিছু সময় উতলিবলৈ দিলো| গাঢ় হওতে জুইৰ পৰা নমাই দিলো| ওপৰত ধনীয়া পাত কাটি দিলো|

Creamy  chicken Korma

👩‍🍳 Sangita Puzari

Comments