আৰি মাছৰ জ্বলা মিঠা গ্ৰেভী
উপকৰণ....
দুজনৰ বাবে (বেছিকৈ বনাব হ'লে পৰিমাণ বোৰ বঢ়াই ল'ৱ)
আৰি মাছ ৪পিচ (নিমখ, হালধি জোখমতে দি সামান্য ভাজি ল'ৱ)
পিয়াঁজ ৪টা (মাজেৰে চাৰিফাল কৰি হাতেৰে পাহবোৰ উলিয়াই ল'ৱ)
টমেট চ'চ ৩চামুচ (tomato sauce)
চিজৱান চ'চ দুচামুচ (schezwan sauce)
চিলি চ'চ দুচামুচ (chilly sauce)
চেনি আধা চামুচ
কাশ্মিৰী ৰেড চিলি একচামুচ
হালধি আধা চামুচ
নিমখ জোখমতে
প্ৰণালী....
মাছ ভজা তেলতে পিয়াঁজ খিনি দি কিছু সময় ভাজি লৈ ওপৰত উল্লেখ কৰা সামগ্ৰী সমূহ দি ২/৩মিনিট মান ভাজি লৈ গৰম পানী ডাঙৰ কফি মগৰ একাপ দি উতল আহিলে মাছ কেইপিচ দি উতলাই গ্ৰেভী হৈ আহিলে নিমখৰ পৰিমাণ চাই নমাই গৰম ভাত বা ৰাতি ৰুটি খোৱা সকলে এনেদৰে বনাই জুতি ল'ৱ পাৰিব।
আৰি মাছৰ জ্বলা মিঠা গ্ৰেভী |
👩🍳 অপু দত্ত
Comments
Post a Comment