শল_মাছ_আৰু_মূলা

শল_মাছ_আৰু_মূলা

#প্ৰণালী:-

মূলা ৪টা, আলু দুটা আৰু অমিতা এফাল ভালকে ধুই কাটি কুকাৰত এটা চিটি মৰাই ললোঁ। আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট এটা বনালো। এতিয়া এটা কেৰাহীত মাছ কেইপিছ বেলেগকৈ ফ্ৰাই কৰি লৈ তাতে কুটা পিয়াজ, জীৰা গুটি কেইটামান আৰু তেজপাত এখিলা দি অকণমান ভাজি আদা নহৰুৰ বটা খিনি দি দিলোঁ। তেল বিৰিঙালৈকৈ ভাজি তাতে জালুকৰ গুৰি, জীৰা গুৰি অকণ, গৰম মচলা অলপ, ধনীয়া গুৰি অলপ, নিমখ আৰু হালধি দি ভালকে ভাজি সিজাই থোৱা মূলা আলু খিনি দি অলপ ভাজিলো যাতে মচলা খিনি ভালদৰে মিহলি হয়। তাৰপিছত ফ্ৰাই কৰি থোৱা মাছ কেইপিছ দি দুকাপ পানী ঢালি ভালদৰে উটলিব দিলো। নমোৱাৰ সময়ত ধনীয়া এমুঠি ছটিয়াই নমাই দিলো।

শল_মাছ_আৰু_মূলা

👩‍🍳Pallabi Bora Phukan


Comments