বটা চৰাই মাংস
আজিকালি মাংসৰ দোকান বিলাকত অতি সহজ
লভ্য আৰু ব্যৱসায় ভিত্তিক পালন কৰা দেখা গৈছে
বটা চৰাই । ইয়াৰ কণী আৰু মাংস দুইটাই অতি
স্বাস্থসন্মত বাবে যথেষ্ট আদৰো বাঢ়িছে ।
খাবলৈ পাৰ মাংসৰ জুতিৰ লগত মিলে ।
ৰেচিপি :
বটা চৰাই মাংস দুটাৰ
পিয়াজ ডাঙৰ চাৰিটা মিহিকৈ কাতিলোৱা
আদা ,নহৰু পেষ্ট 1 1/2 চামুচ
আলু ডাঙৰ এটা 6 দুখৰ কৈ কটা
জিৰা,জালুক,ধনীয়া,শুকান জলকীয়া মিলাই
বতিলোৱা মচলা 3 চামুচ
গৰম মচলা 1/2 চামুচ
4 চামুচ ৰিফাইন তেল
জোখত নিমখ,হালধি
কেৰাহীত তেল গৰম কৰি পিয়াজ আৰু আদা
নহৰু পেষ্ট ভাজি মচলা দিব ।অলপ লৰাই
মাংস , আলু,নিমখ,হালধি দি অলপ ভাজিব
আৰু কম জুইত ঢাকি ৰাখিব । মাংস সিজোতে
বেছি দেৰি নালাগে । অলপ পানী দি লৰাই
নিজৰ জোখত গ্ৰেভী ৰাখি গৰম মচলা দি নমাই
পৰিবেশন কৰিব ।
বটা চৰাই মাংস |
👩🍳 Moonmi Sikha Puzari
Comments
Post a Comment