লফা_খৰিছাৰে_শুকানকৈ_ভজা_গাহৰি_মাংস |
#লফা_খৰিছাৰে_শুকানকৈ_ভজা_গাহৰি_মাংস
#ৰেছিপী :-
250 গ্ৰাম মাংস লৈ মাংস খিনি ভাল দৰে ধুলো ৷আৰু ২০ মিনিট বইল কৰি ললো ৷ তাৰ পিছত জুইত কেৰাহী গৰম হব দিলো ৷ তাৰ পিচত কম জুইত শুকান কেৰাহী তো মাংস খিনি দি তেল ওলাব ধৰালৈ ৰৈ থাকিলো ৷এটা স্মোকী সুগন্ধী ওলাব তাৰ পিচত মাংস খিনি নমাই থলো ৷ সামান্য মাংসৰ চৰ্বী কেৰাহীত ৰৈ যোৱাত তাত এটা পিয়াজ কাটি অলপ লৰাই থাকিলো ৷পিয়াজ ভজা হোৱাত তাত মাংস খিনি দিলো সামান্য ভাজি আদা-নহৰু থেতেলিয়া লোৱা এচাদুচ আৰু ভোট জলকীয়া এফাল দিলো ৷ নিমখ আৰু খৰিচা খিনি দিলো লগত লফা শাক এমুঠি মুঠি হাতেৰে চিঙি মিহলাই লৰাই দিলো ৷ লফাৰ পৰা পানী ওলাই ঢাকোনো মাৰি কমজুইত অলপ সময় সিজিব দিলো ৷ তাৰ পিচত তেল ওলাব ধৰাত মই একাপ পানী দি জুই বঢ়াই দিলো পানী দিয়াৰ ফলত গোটেই খিনি মিহলি হৈ গৈছে ৷ পিচত পানী শুকাই যাব ধৰাত নমোৱাৰ আগত জাবৰাং ৫/৬ মান দ্ৰাই ৰোস্ট কৰি ভাঙি দিলো ৷ আৰু অলপ পিচত তেল ওলাব ধৰাত নমাই দিলো |
৪৫ মিনিট মান সময়ৰ ৰেছিপী ৷
👩🍳 Manash Jyoti Misra
Comments
Post a Comment