কলডিলৰ_সৈতে_পাৰ_জালুকীয়া

 কলডিলৰ_সৈতে_পাৰ_জালুকীয়া!  


#ৰেচিপি-জুইত পুৰি ল'লো পাৰযোৰ। অলপ ডাঙৰকৈ ক'লডিল আৰু মাংস কাটি ল'লো । মিস্কিত নহৰু অলপ সৰহকৈ ,আদা এটুকুৰা,পিয়াজ এটা ,জাালুক ২ চাহ চামুচ,তিয়াই লোৱা কেঁচা জীৰা ভালদৰে পিহি লৈ ১ টেবুল চামুচ মিঠাতেল পকি দি তাতে পেষ্ট জালুকৰ ৰং

অহালৈকৈ ভাজিলো ।ৰং অহাত হালধি দি মাংস দিলো। নিমখ দি মাংসৰ তেল ওলাবৰ বাবে ৭/৮ মিনিট থৈ দিলো। তেলাল পাৰযোৰ তেল ওলালত ক'লডিল দিলো,তেজপাত দি উতলা গৰম পানী জোখ অনুপাতে 

দি তিনি চাৰিটা হুইচেল মাৰিবলৈ দি নিজে নিজে ভাৱ যোৱাত খুলি পৰিৱেশন কৰিলো । জালুকৰ জ্বলা ,কলডিলৰ টুকুৰা ,পাৰ মাংস জুতি নজনা কোনো নাই ! কুকাৰত বনালে হেনো মাংসৰ গুণাগুণ নকমে। জুতি লগতে পাৰ উপকাৰিতা কিমান সকলোৱে জানো।গতিকে কুকাৰতে জুতি ল'লো ।

👩‍🍳 Taru Phukon

কলডিলৰ_সৈতে_পাৰ_জালুকীয়া

Comments