ভেড়া ছাগলীৰ মাংসৰে এসাঁজ

ভেড়া ছাগলীৰ মাংসৰে এসাঁজ

থালিখনত আছে

*জহা চাউলৰ ভাত

*ভেড়াছাগলীৰ মাংস

*গাজৰ আলু ভাজি

*পালেং শাক পিতিকা

*জলফাই পদিনাৰ চাটনি

*বেঙেনাৰ চপ

ৰেচিপিসমূহ দিছো

#ভেড়াৰ মাংস: মাংসখিনি ধুই হালধি নিমখ আৰু ক্ৰীম সানি কিছুসময় থলো ৷ কেৰাহীত তেল দি গোটা জিৰা দিলো ৷ থেতেলিয়াই লোৱা পিয়াজ দি অলপ ভাজি মাংসখিনি দিলো ৷ এতিয়া আদা নহৰু পেষ্ট, জলকীয়া আৰু জিৰা গুৰা দি মাংসখিনি অলপ ভাজি ঢাকি দিলো ৷ পিছত মাংসখিনি ভালদৰে ভাজি অলপ মান ধনীয়া গৰম মছলা থেতেলীয়াই দিলোঁ আৰু অলপ ভাজি পানী দিলোঁ ৷ উতলি পানী শুহি অহাত নমাই থলো ৷

#গাজৰ আলু ভাজিঃ গাজৰ আৰু আলু সৰু সৰুকৈ কাটি গোটা জিৰা পিয়াজ দি ভাজিলো৷

#পালেং শাকৰ পিতিকাঃ পালেং শাক বইল কৰি পিয়াজ জলকীয়া নিমখ দি পিতিকা বনালো৷

#বেঙেনাৰ চপঃ গোলকৈ কাটি লোৱা বেঙেনা কিছুসময় পানীত ডুবাই ৰাখিলো ৷ কৰ্নফ্লৰ আৰু বেচন একেলগে গুলি লৈ বেঙেনা লেতিয়াই ভাজিলো৷

#চাটনিঃ কাটি লোৱা জলফাই,মান ধনীয়া,পদিনা একেলগে মিক্সিত দি চাটনি বনালো ৷

ভেড়া ছাগলীৰ মাংসৰে এসাঁজ

👩‍🍳 বৰ্ণালী শৰ্মা

Comments