জলফাইৰ টেঙা আৰু মিঠা আচাৰ

#জলফাইৰ টেঙা আৰু মিঠা আচাৰ

#টেঙা আচাৰ…………


প্ৰথমে  জলফাইখিনি ধুই (এক কেজি)  অলপ নিমখ দি সিজাই লৈছো। তাৰপাছত দুভাগ কৰি এভাগ মিঠা বনাবলৈ থৈ দিছো।  এইবাৰ আধাভাগ কাটি হালধি দি এদিন ৰ'দত শুকুৱাই দুচামুচ জিৰাগুৰি,দুচামুচ ধনিয়াগুৰি,আধাচামুচ শুকান জলকীয়া গুৰি,একচামুচ  ভিনেগাৰ আৰু আধাকাপ তেল দি ভালদৰে সানি লৈছো তাৰপাচত আধাচামুচ পাঁচফোৰণ ভাজি লৈ  পিচি তাত মিলাই দিছো।   তাৰপাচত বটলত ভৰাই ৰ'দত দিম আৰু অলপ শুকান শুকান হ'লে মাজে মাজে অলপ ওপৰত কেঁচাতেল দি থাকিম। 

টেঙা আচাৰ

#মিঠা আচাৰ…………


জলফাইখিনি ভালদৰে হাতেৰে পিটিকি লৈছো। তাৰপাচত কেৰাহি গৰম কৰি তাত ৰিফাইণ্ড তেল আধাকাপ দি গৰম হোৱাত পাঁচফোৰণ কেইটামান দি জলফাইখিনি বহাই দিছো। অলপ ভাজ খোৱাত দুচামুচ জিৰাগুৰি,দুচামুচ ধনিয়াগুৰি,অলপ শুকান জলকীয়াগুৰি,সামান্য নিমখ আৰু আধাকেজি গুৰ দি ভালকৈ ভাজিছো। হোৱাৰ আগতে একচামুচ ভিনেগাৰ দি নমাই থৈছো। ঠাণ্ডা হোৱাত দুচামুচ  কেঁচা মিঠাতেল,তিনিটা ইলাচি পিচি দিছো আৰু আধাচামুচ পাঁচফোৰণ ভাজি লৈ পিচি দিছো।

মিঠা আচাৰ

👩‍🍳Pallabi Patgiri 

Comments