আদৰ পাতৰ সৈতে শল মাছৰ আঞ্জা ।

আদৰ পাতৰ সৈতে শল মাছৰ আঞ্জা । 

ৰেচিপি

          মাছখিনি ধুই নিমখ হালধি লগাই ,গৰম মিঠা তেলত অকণমান ভাজি ললোঁ ।আদাপাত খিনি ধুই পিছি ললোঁ । খুব ধুনীয়া গোন্ধ পাত খিনিৰ । 

এতিয়া সেই গৰম তেলত অলপ পাঁচফুৰণ ফুটাই ললোঁ । এটা কেঁচা জলকীয়া দিলোঁ । আদা নহৰু অলপ ঠেতালি দিলোঁ । তাৰ পাছত ,আগতে বইল কৰি থোৱা আলু এটা পিটিকি তাত দিলোঁ । অকণমান হালধি আৰু আন্দাজ অনুসৰি নিমখ দিলোঁ ।

এতিয়া আদাপাত পিচা খিনি দি অকণমান লৰাই দুই কাপ পানী দিলোঁ ।আৰু , এক চামুচ জালুকৰ গুৰি । উতলিবলৈ ধৰিলে মাছ খিনি দি ঢাকোন লগাই দিলোঁ । জুই অকণমান কমাই এনেকৈ সিজিবলৈ দিলোঁ । প্ৰায় 10 মিনিট লাগিব ।

এই জ্বলা শল মাছৰ আঞ্জা গৰমে গৰমে ভাতৰ সৈতে পৰিবেশন কৰিলোঁ ।

আদৰ পাতৰ সৈতে শল মাছৰ আঞ্জা । 

👩‍🍳Geeta Dutta

Comments