লাইশাকৰ_সৈতে_গাহৰিৰ_শুকান_ভাজি
উপকৰন :
১. গাহৰি মাংস : আধাকেজী
২.লাইশাক : প্ৰায় ৩বাতি (কাটি লৈ)
৩.নহৰু: প্ৰায় ৩০ফোটা
৪.আদা বটা : ডাঙৰ চামুচেৰে ৫ চামুচ
৫.জালুকৰ গুৰা : ডাঙৰ চামুচেৰে ১চামুচ
৬.বিলাহী : ৩টা
৭.কেঁচা জলকীয়া : ১০টা
৮.নিমখ : আন্দাজত
৯.হালধি : ১ চামুচ
১০.মিঠাতেল : ৫ চামুচ
১১.কেচাঁ ধনীয়া : এমুঠি
১২.তেজপাত : ৪খিলা
*প্ৰথমে, ১৫ ফোটা নহৰু আৰু জলকীয়া খিনি খুন্দি লৈ , ৪ চামুচ মান আদা বটাৰ সৈতে গাহৰি মাংসখিনিৰ লগত ভালদৰে সানি ললো নিমখ আৰু হালধিৰ সৈতে |
*লাইখিনি ভালদৰে কাটি বাচি ললো |
*মাংসখিনি ত মছলা খিনিৱভালদৰে সানি প্ৰায় ৩০মিনিট তেনেদৰে ৰাখিলো |
*এতিয়া , কেৰাহীত তেল গৰমাই বাকী থকা আদা আৰু নহৰুৰ পেষ্ট , তেজপাত দি ভাজি লৈ বিলাহী দি অলপ সময় একেৰাহ লৰাই থাকিলো |
*জুই কমাই ৰাখিলো |
*এতিয়া , কেৰাহীত গাহৰিখিনি দি হাতাৰে লৰাই লৈ ঢাকন মাৰি সিজিব দিলো | মাজে মাজে লৰাই থাকিলো |
*মাংসখিনি আধাসিজা হ'লত কটা লাই শাক দি লৰাই লৈ ঢাকন মাৰি আকৌ সিজিব দিলো |
* মাংসখিনিৰ পৰা তেল ওলাব আৰু তেতিয়া জালুকৰ গুৰা দি তেনেদৰেই মাংসখিনি শুকান হোৱালৈকে ভাজি থাকিলো |
মাংসখিনি তেল ওলাই কমি যাব ( প্ৰায় দুজনৰ জোখৰ হোৱাকে ৰাখিছো)...
*মাংসখিনি তৈয়াৰ হোৱাৰ অলপ আগত কটা ধনীয়া চটিয়াই হেতাৰে ভালদৰে লৰাই কেৰাহীখন জুইৰ পৰা নমাই ৰাখিলো |
*এই ভাজিখনত অলপো পানী ব্যৱহাৰ কৰা নাই |
👩🍳 Sumu Moonmi Gogoi
Comments
Post a Comment