বাটাৰ চিকেন

বাটাৰ চিকেন :

বনলেচ চিকেনখিনি কাশ্মিৰী মিৰ্ছ পাউদাৰ,নহৰু আদাৰ পেষ্ট আৰু নিমখ মিহলাই ১৫ মিনিট মেৰিনেট কৰি ল লো । কেৰাহিত বাটাৰ এচামুচ দি সৰু সৰুকৈ কুটি লোৱা পিঁয়াজ, নহৰু আদাৰ পেষ্ট গৰম মচলা দি অলপ ভাজি, কাটি লোৱা বিলাহি, গৰম মচলা , নিমখ হালধি দি অলপ ভাজি ললো । ঠাণ্ডা হোৱাত মিক্সিত কাজু দুটামান আৰু ভাজি লোৱা মিক্সাৰখিনি ভালকৈ পেষ্ট বনাই চাকনিৰে চেকি ললো । মেৰিনেট কৰি ৰখা চিকেনখিনি উলিয়াই মিঠাতেল দুচামুচমান দি ফ্ৰাই কৰি ললো । তাৰপিচত কেৰাহিত বাটাৰ দি জাইফল, দালচেনি এটুকুৰা দি মিক্সিত মাৰি লোৱা পেষ্টটো ঢালি দিলো । অলপ উতল অহাত চিকেনখিনি দিলো..কচুৰি মেথি দি কেৰাহিৰপৰা নমাই ওপৰত ক্ৰীম দিলো ।

বাটাৰ চিকেন

👩‍🍳 Preeti Saikia 

Comments