ছাগলীৰ মাংস
মাংসখিনি ভালদৰে ধুই ললো , মিহিকৈ কুটা পিয়াঁজ,নিমখ,হালধি, জিৰা গুৰি, ধনিয়া গুৰি, জলকীয়া গুৰি আৰু অলপ মিঠা তেল সানি আধা ঘন্টামান ঢাকি থলোঁ। আলু কেইটামান অলপ ডাঙৰ কৈ কাটি ললো | মোৰ মানুহজনে মাংসৰ আলু খাই খুব ভাল পাই | নহৰু,আদা,লং,ইলাচী আৰু ডালচেনি পতাত মিহিকৈ বটি ললোঁ। আলুখিনি আগতে অলপকৈ ভাজি থলো |
কেৰাহীত তেল গৰম কৰি প্ৰথমে তেজপাত দিলোঁ।পিয়াঁজ এটা চকলিয়াই ভাজিলোঁ।বটা মচলা খিনি দি ভাল দৰে ভাজিলোঁ । মছলা খিনিয়ে তেল এৰিব লওঁতে এক হেতা পানী দি পুনৰ ভাজিলোঁ। তেল এৰা যেন দেখি প্ৰথমে মাংস খিনি দি অলপ দেৰি ভাজিলোঁ।এতিয়া আলুখিনি ঢালি দি ভালদৰে ভাজিলোঁ। জুই কমাই দি,ঢাকোন মাৰিলোঁ, যাতে ভাপত সিজি যায়। অলপ সময়ৰ পিছত হেতাৰে ভালকৈ লৰাই কিমান সিজিলে অনুমান কৰি জোখমতে গৰম পানী দি পুনৰ ঢাকোন মাৰি সিজিব দিলোঁ।জোল খিনি আঞ্জাৰ জোখত ৰখাই জুই পৰা নমাই থলোঁ।
ছাগলীৰ মাংস |
👩🍳Archana Roy Chakraborty
Comments
Post a Comment