ৰ'ষ্টেড চিকেন
ৰ'ষ্টেড চিকেন গ্ৰেভী
ভাঙোন মাছ পিয়াজৰ নলা বিলাহী দি জোল
মাছ পাতত দিয়া (কলপাত নাই )
ৰ'ষ্টেড চিকেন - 2 কেজি ওজনৰ মূৰ্গীটো ভালদৰে চাফা কৰি মচলা অকণমান বাটাৰ নেমু ৰস দি 10 মিনিট মালিচ কৰি ফ্ৰিজত 2 ঘন্টাৰ বাবে মেৰিনেট কৰি ৰাখিলো । তাৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই ভিতৰত আদা নহৰু পেষ্ট পিয়াজৰ নলা কুমলীয়া পিয়াজ কেচা জলকীয়া ধনীয়া এচিটা নেমু ভৰাই বেজি দি গাঁঠি দি ল'লো । এতিয়া কেৰাহীটো গৰম কৰি মূৰ্গীটো বঢ়াই গেছ চিমত ৰাখি 40 মিনিট ৰাখিছো । মাজে মাজে ওপৰত অকণ বাটাৰ দি দিছো । ধুনীয়কে সিজি হোৱাৰ পিছত অকণমান জুইত পুৰি লৈছো ।
roasted chicken |
গ্ৰেভী - এইবাৰ ৰ'ষ্টেড মূৰ্গীটোৰ আধাৰে গ্ৰেভী বনালো । প্ৰথমে ভিতৰত ভৰাই দিয়া মচলাখিনি উলিয়াই ৰাখিলো । বিলাহী এটা আৰু কেচা জলকীয়া 5টা মান পুৰি ল'লো । এতিয়া তেলত পিয়াজৰ নলা সৰহকে দি তাতে কুমলীয়া পিয়াজ দি ভাজিলো । দুচামুচ বাটাৰ দিলো । ভাজি তাতে পুৰা বিলাহী কুটা নহৰু জলকীয়া গুৰি চিকেন মচলা নিমখ হালধি দি ভাজিলো । ভজা হোৱাত চিকেনখিনি টুকুৰা টুকৰকৈ কাটি তাত ধনীয়া দুমুঠি দি 5 মিনিট ভাজিলো । দুকাপ পানী দি উতলাই নমাই থ'লো ।
roasted chicken gravy |
মাছ - সাধাৰণভাৱে তেলত পিয়াজৰ নলা ভাজি বিলাহী ধনীয়া দি আকৌ ভালদৰে ভাজি মাছ দি পানী দি উতলাই নমাই থ'লো ।
fish curry |
পাতত দিয়া - কলপাত নাই গতিকে মাছখিনি টুকুৰা টুকুৰ কৰি তাতে বিলাহী এটা ধনীয়া এমুঠি জলকীয়া 2টা পিয়াজৰ নলা কুটি দি নেমু অকণ চেপি মিঠাতেল দুটোপাল দি সানি ছিলভাৰ পেপাৰত বান্ধি জুইত পুৰিলো ।
পাতত দিয়া মাছ |
বি:দ্ৰ- মুখৰ আগৰ পৰা কাঢ়ি ফটো মাৰিছো । গতিকে বান্ধি দিয়া ৰচীডাল আৰু লেগ পিচকেইটাৰ অদৃশ্য মঙহবোৰ ইগন'ৰ কৰিব 😉😉😉😉😉
👩🍳 শংকুমণি বৰা
Comments
Post a Comment