চিকেন_পৰঠা_ৰোল☺☺
পৰঠাৰ বাবে:
ময়দা ১ বাতি,আটা ১ বাতি,বেকিং পাউদাৰ এচিকুট,ৰিফাইন,নিমখ আৰু পানী প্ৰয়োজন অনুসৰি দি অলপ সময় কোমল হোৱাকৈ মঠি লব আৰু আধা ঘণ্টা মান তেনেকে থৈ দিব।

পূৰৰ বাবে:
সৰু বন্ধাকবি এফাল,তিয়হ ১ টা,পিয়াজ ১ টা,সৰু সৰুকে কাটি লোৱা হাড় নথকা মাংস অলপ,জালুকৰ গুৰি ১/২ চামুচ,কাশ্মিৰী লাল মিৰ্চ পাউদাৰ ১/২ চামুচ,গৰম মছলা এচিকুট,নেমু ৰস ২-৩ চামুচ। কেঁচা পাচলি খিনি বাদ দি মাংস আৰু মছলাবোৰ ১৫ মিনিট মান সানি থব।

চাটনিৰ বাবে:
ধনীয়া ২ মুঠি,পদিনা ২ মুঠি,নহৰু ৪-৫ ফুটা,সৰু আদা ১ টুকুৰা,জলকীয়া ২ টা,নিমখ আৰু নেমু ৰস প্ৰয়োজন অনুসৰি দি মিক্সীত পিছি চাটনি বনাই লব।

প্ৰণালী:
প্ৰথমতে বন্ধাকবি,তিয়হ আৰু পিয়াজ মিহিকে কাটি লব। তাৰ পিছত কেৰাহী এখনত অকণমান সৰিয়হ তেল গৰম কৰি মাংস খিনি ভাজি লব আৰু সিজাৰ পিছত নমাই থব।

তাৰ পিছত মঠি থোৱা লাডুটোৰ পৰা অলপ ডাঠকে পৰঠাৰ নিচিনাকে বেলি লব। ননষ্টিক টেৱা এখনত অলপ অলপকে ৰিফাইন দি পৰঠা কেইখন বনাই লব।
প্ৰথমতে পৰঠা কেইখনত বনাই লোৱা চাটনি সানিব,তাৰ পিছত কেঁচা পাচলি খিনি দিব,অকণমান নিমখ আৰু জালুকৰ গুৰি চটিয়াই দিব,তাৰ ওপৰত বনাই থোৱা মাংস খিনি দিব আৰু একেবাৰে ওপৰত মেয়নিজ দিব। তাৰ পিছত ধুনীয়াকে মেৰিয়াই ৰোল কৰি লব। য়ামি চিকেন পৰঠা ৰোল ৰেডি।
Nobanita Dutta
☺☺
Comments
Post a Comment