# মুৰ্গীৰ মাংস আৰু ছাগলী মাংস #
# আজি দুপৰীয়াৰ সাজলৈ আলহী আছে সেয়েহে তেওঁ লোকে কোনোৱে মুৰ্গী মাংস খায় আৰু কোনোৱে ছাগলী মাংস খায় সেয়েহে দুয়োবিধেই বনালো ।একেবাৰে সাধাৰণ ভাৱে থলুৱা ধৰণেৰে দুয়োবিধ বনালো ।সকলোৱে জনা ৰেচিপি তথাপিও নিয়ম অনুসৰি ৰেচিপি গাঠি দিলোঁ ।
# ৰেচিপি মুৰ্গীৰ মাংস :- প্ৰথমে কেৰাহী তেল দি শুকান জলকীয়া আৰু তেজপাত দি পিয়াজ , আদা ,নহৰু পেষ্ট আৰু নিমখ ,হালধি দি ভাজি তাত মাংস খিনি দি কিছু সময় ভাজি তাত জিৰা জালুক ,পিচা দি পুনম ভালদৰে ভাজি গৰম পানী দি ,জলকীয়া পিচা পেষ্ট খিনি দি ঢাকনি লগাই সিজিব দিলো । নমোৱাৰ আগ মুহূৰ্তত ইলাচি দুটামান খুন্দি দি গেছ বন্ধ কৰি দিলোঁ ।
# ছাগলী মাংস :- কেৰাহীত তেল দি শুকান জলকীয়া আৰু তেজপাত দি পিয়াজ আদা ,নহৰু ,জলকীয়া পেষ্ট ,হালধি ,নিমখ দি মাংস আৰু আগে ভাজি লোৱা আলু কেইপিচ মান দি আটাইখিনি ভাজি জিৰা জালুকৰ পিছা দি মধ্যমীয়া জুইত মাংস আধা সিজালৈ ভাজি সেইখিনি কুকাৰত দি তাত পৰিমাণ অনুসৰি পানী লং ,ইলাচি ,ডালচেনি পিছি দি তিনিটা মান চিটি লগাই দিলেই তৈয়াৰ ছাগলী মাংসৰ আঞ্জা ।#
Comments
Post a Comment