১)খিচিৰি ।
২)লাবৰা ।
৩)শাকভজা ।
৪)কাচকল ফ্ৰাই ।
৫) বেঙেনা আৰু ৰঙালাও ফ্ৰাই ।
৬) পনীৰ , আলুৰ মিঠা টেঙা তৰকাৰি ।
৭) বিলাহী ,আপেলৰ মিঠা চাটনি ।
৮)গ্ৰিন চাটনি ।
৯) ওলকচুৰ আচাৰ ।
১০) লুচি ।
১২)কাবলি চানাৰ তৰকাৰি ।
১৩)পায়স ।
১৪) গোলাপ জামুন ।
***খিচিৰি মই মচুৰ , মগু দুবিধ দাইলৰ সৈতে চাউল একেলগে পাঁচফুৰণ ,শুকানজলকীয়া ,তেজপাত আৰু পিয়াজ ,নহৰু আদাৰ পেষ্ট দি টৰ্কা মাৰি কুকাৰত দুটা চিটি মাৰি বনাই ললো আৰু ঢাকন খুলি দুচামুচ ঘি আৰু অলপ চেনী দি পৰিবেশন কৰিলো ।
***এতিয়া সৰু সৰু কুমলীয়া শাকৰ বতৰ । কুমলীয়া লাই আৰুূ মূলা শাক এমুঠি ভালকৈ ধুই পিয়াজ আৰু জলকীয়া দি মিহিকৈ কটা আলু এটাৰ সৈতে শুকানকৈ ভাজি পৰিবেশন কৰিলো ।
***লাবৰাৰ বাবে বন্ধাকবি , ৰঙালাও , ভুল , পটল , কচু , বিন আদি কেইবিধমান পাচলি অলপ মধ্যমীয়া জোখত কাটি লৈ পাঁচফুৰন আৰু শুকান জলকীয়া ফুৰণ দি পিয়াজ নহৰু আদাবটা,ফালিলোৱা কেঁচাজলকীয়া অলপ দি ভালকৈ ভাজি ললো ।নমাবৰ সময়ত অলপমান জিৰাগুৰি , জলকীয়া গুৰি দুচামুচমান ঘি আৰু সামান্য চেনী দিলো । এই লাবৰা খিচিৰিৰ লগত খুব জুতি লগা ।
***আলু পনিৰ তৰকাৰিৰ বাবে আলু আৰু পনিৰ দীঘল দীঘলকৈ কাটি লৈ আলু প্ৰথমে ফ্ৰাই কৰি নমাই জিৰা আৰু মিহিকৈ ৰুকা পিয়াজেৰে ফুৰণ দি আটাইখিনি অলপ ভাজি দুকাপ পানী দি ওতলিব দিলো । আধাকাপ টমেত' চচ আৰু এচামুচ চয়াচচ দিলো । চেনী অলপ , জিৰা গুৰি আৰু জলকীয়া গুৰি অকন দি শুকাই ডাঠ হোৱাত নমাই পৰিবেশন কৰিলো ।
*** গোলাপ জামুনৰ বাবে মই ৰেডিমেড গোলাপ জামুন পাউদাৰ(১পেকেট) ব্যৱহাৰ কৰিলো ।
*** পায়স কনজহা চাউলেৰে বনালো । প্ৰথমে চাউলখিনি আধাঘন্টা মান ভিজাই কুকাৰত ২টা চিটি মাৰি সিজাই গাখীৰ দি ওতলাই চেনী দি কাজু , কিচমিচ ,বাদাম অলপ দি ডাঠ হোৱাত নমাই পৰিবেশন কৰিলো ।
***বিলাহী আৰু আপেলৰ চাটনিৰ বাবে বিলাহী আৰু আপেল সৰুকৈ কাটি লৈ চফেৰে ফুৰণ দি ভাজি ললো । নিমখ আৰু চেনী দি আটাইখিনি গলি যোৱাত কেইটামান কিচমিচ আৰু খেজুৰ দি অলপ সিজাই নমাই পৰিবেশন কৰিলো ।অকনমান জিৰা পাউদাৰ দিছো ।
👩🍳Bonti Bora Saikia
Comments
Post a Comment