Special #চিকেন_চেট্টিনাড় #তামিল_ৰেছিপী #chicken_chettinad #indianfood #tradinational

 #দেওবৰীয়া_দক্ষিণ ভাৰতৰ খাদ্যৰ ভিতৰত Chicken Chettinad অন্যত জনপ্ৰিয় ৰেছিপী ৷ জ্বলা ,মচলাযুক্ত বৰ সোৱাদ লগা এইবিধ কাৰী ৷ তামিলনাডুৰ শিবগংগা জিলাত এটা অংশৰ নাম চেট্টিনাড় সেই ঠাইৰ এইটো ৰেছিপী বাবে সেই ঠাইৰ নামেৰে জনাজাত হল ৷ ইংৰাজ সকলে মাদ্ৰাজ ত কোঠ পতা সময়ত এই অঞ্চলৰ পৰা সেনাত অন্তঃভুক্ত হোৱা জোৱান সকলৰ পৰা এই ৰেছিপী ভাৰতত বিখ্যাত হয় ৷ গোটা মচলা ,নৰসিংহ পাতৰ দ্ৰাই ৰোষ্ট কৰি এই #চেট্টিনাড় মচলা তৈয়াৰ কৰা হয় ৷ #

ৰেছিপীঃ (১) :- মেৰিনেচনৰ বাবে ৫০০ গ্ৰাম থলুৱা মুৰ্গীৰ মাংস ,আধা কাপ দৈ ,হালধি ,এচামুচ জ্বল গুৰি , এচামুচ আদা-নহৰু পেষ্ট আৰু নিমখ দি ভালকৈ সানি লৈ ১ ঘন্টা মান মেৰিনেট কৰিব দিব ৷ 

 (২) :- চেট্টিনাড় মচলাৰ বাবে গেছ অন কৰি তাত টাৱা এখন গৰম কৰি দুচামুচ গোটা ধনীয়া , এচামুচ গোটা জিৰা ,আধাচামুচ চ’ফ ( গুৱামুৰি ) ,এচামুচ আফুগুটী ,আধাচামুচ গোটা জালুক , শুকান জলকীয়া ৫/৬ টা ,লং ৬/৭ টা ,ডালচিনি ,ইলাচী ৪/৫ টা ,নাৰিকল ৰোকা এচামুচ , আৰু এটা ষ্টাৰ ইলাচী গোন্ধওলোৱাকৈ দ্ৰাই ৰোষ্ট কৰিব ৷ আফুগুটী আৰু নাৰিকল পৃথকে ৰোষ্ট কৰিব নহলে পুৰি যাব পাৰে ৷ ঠাণ্ডা হলে মিক্সি ত পানী অলপ দি পেষ্ট কৰি লব ৷ এইটো এ মুখ্য মচলা ৷ 


 (৩):- ৰন্ধন প্ৰনালী কেৰাহীত ৩ চামুচ মান ৰিফাইণ্ড তেল দি তেজপাত আৰু পাতলকৈ চকলীয়াই লোৱা পিয়াজ দিব ৷ ৰঙা হোৱালৈ ভাজি তাত ৷ মেৰিনেট কৰা মাংস খিনি ৬/৭ মিনিট মান ভাজিব৷ তাৰ পিচত আদা নহৰু পেষ্ট এচামুচ ,আৰু এটা বিলাহী সৰু সৰু কৈ কুটি দিব আৰু তেল ওলোৱালৈ ভাজিব ৷ তাৰ পিচত মচলা পেষ্ট আৰু নৰসিংহ পাত দিব ৷ ৫ মিনিট মান ভাজি ২ কাপ পানী দি ঢাকোন মাৰি থব ৷ মাজে মাজে৷লৰাই থাকিব ঢাকোন খুলি,পানী কমিলে অলপ দিব ৷ মাংস সিজিলে নমাই থৈ ওপৰত ধনীয়া পাত দি ভাত বা ৰুটিৰ লগত পৰিবেশন কৰিব ৷ ( সাধাৰণতে গোটা হয় এইবিধ আইটেম ৷ মই পিছে জোল টাইপ কৰিলো ৷ গোটা হলা মচলাখিনি ৰ লগত বৰ সুন্দৰ দেখি )

Manasg Jyoti Mishra

Comments