#nonveg #খৰিচা আৰু ভোটজলকীয়াৰ লগত গাহৰি মাংসৰ শুকান ভজা

উপকৰন : পৰিবেশন ২ জনৰ বাবে 

 সময় ৪০ মিনিট 

 ১. গাহৰি মাংস : ১ পোৱা

 ২.খৰিচা ২ টেবুল চামুচ 

৩.ভোটজলকীয়া আধাটুকুৰা 

৪.নহৰু ৬ কোহঁ 

৫.তেজপাত ২খিলা 

৬.মিঠাতেল ৩ টেবুল চামুচ 

৭.আদা: এচামুচ (থেতেলিয়াই লোৱা ) 

৮.নিমখ: আন্দাজত 

৯.হালধি :১ চাহ চামুচ 

১০.মানধনীয়া : ৬ খিলামান  

ৰন্ধনৰ প্ৰনালী: প্ৰথমে গাহৰি মাংসখিনি কুকাৰত ৩ টা চিটিমাৰি সিজাই ললো | এতিয়া লোহাৰৰ কেৰাহীত তেল গৰমায় তেজপাত , থেতেলিয়াই লোৱা নহৰু,আদা , নিমখ আৰু হালধি দি অলপ লৰাই মাংসখিনি দি অলপ লৰাই ঢাকন মাৰি দিলো | জুই চিমত দিছো | মাজে মাজে লৰাই থাকি খৰিছা আৰু জলকীয়া দি লৰাই আকৌ ঢাকন মাৰি সিজিবলৈ দিব | মাজে মাজে লৰাই থাকিব ,দৰকাৰ হ'লে পানী এচলু চটিয়াই দিব পাৰি |সিজা হ'লত মানধনীয়াৰ পাত চিঙি মাংসখিনিত চটিয়াই দিব |

👩‍🍳 Sumu Monmee Gogoi

Comments