#nonveg #পৰম্পৰাগত থলুৱা ৰেচিপি (আমিষ) #ঔটেঙা, মানধনীয়া আৰু ভোটজলকীয়াৰে গাহৰি সিদ্ধ বা বইল

 উপকৰন : পৰিবেশন ৪ জনৰ বাবে সময় ৪০ / ৫০ মিনিট

  ১. গাহৰি : ডেৰ পোৱা 

২.ঔটেঙা : এটা 

৩.ভোটজলকীয়া : আধাফাল 

৪.মানধনীয়া : ১২ খিলা 

 ৫.নহৰু :১০ কোঁহ 

৬.আদা : এটুকুৰা 

৭.নিমখ : আন্দাজত 

৮.জালুক : আধা চাহ চামুচ  

ৰন্ধনৰ প্ৰনালী : গাহৰিখিনি নিজৰ পছন্দৰ জোখত কাটি কুকাৰত ২ টা চিটি মৰাই সিজালো | ঔ টেঙাটো চকলিয়াই ওপৰৰ ডাঠ বাকলিখিনি আৰু বিজটো আতৰাই টুকুৰা কৰি ললো | নহৰু, জালুক আৰু আদাখিনি থেতেলিয়াই ললো | এতিয়া লোহাৰৰ কেৰাহীত পানী এবাতি উতলিব দিলো | পানীখিনি উতলাত থেতেলিওৱা নহৰু আৰু আদাখিনি দিলো , ১ মিনিটমানৰ পাছত টুকুৰা কৰি ৰখা ঔ টেঙা খিনি দি ঢাকন মাৰি দিলো | 

৫ মিনিটমানৰ পাছত কেৰাহীত সিজোৱা গাহৰিখিনি দিলো | এতিয়া মাংসখিনি ঢাক যোৱাকৈ কুহুমীয়া পানী দি ঢাকন মাৰি ২০ বা ২৫ মিনিটমান মধ্যমীয়া জুইত সিজিব দিলো , নমোৱাৰ ৩ মিনিটমানৰ আগত জালুক আৰু মানধনীয়াখিনি চিঙি টুকুৰা কৰি মাংসত চটিয়াই দি অলপ সময়ৰ বাবে আকৌ ঢাকন মাৰি নমাই ৰাখিলো | এই মাংস গৰম ভাতৰ লগত পৰিবেশন কৰা হয় | বিশেষকৈ আহোমসকলৰ মাজত এই সিদ্ধ অতি জনপ্ৰিয় |

👩‍🍳Sumu Monmee Gogoi

Comments