#Nonveg #Chicken fingers #
উপকৰণ : মুৰ্গী মাংস ১০০ গ্ৰাম ময়দা
১/২ কাপ
মুৰ্গী কণী ১ টা
ব্ৰেড ২ খন
চিজ ৫,৬ টুকুৰা
ৰেড চিলি পাউদাৰ ১/২ চামুচ
নিমখ আন্দাজমতে জালুক ১/৩
চামুচ মিঠাতেল ৮ চামুচ
#প্ৰণালী:মু্ৰ্গী মাংসৰ বুকৰ হাঁড় নথকা কেইটুকুৰামান মাংস খুব পাতল আৰু বহল আকাৰত কাটি অলপ থেতেলিয়াই ল'ব৷অকনমান নিমখ আৰু জালুকৰ গুৰি চতিয়াই দিব৷চিজ এটুকুৰা দীঘলীয়াকে কাটি মাংসটুকুৰাৰ মাজত ৰাখি মাংসটুকুৰা ভালদৰে মেৰিয়াই ল'ব৷এটা পাত্ৰত ময়দা,নিমখ,ৰেড চিলি পাউদাৰ দি কণী এটা ভাঙি ভালদৰে ফেটিব৷অলপ পানী মিহলাই ঘোল এটা বনাই ল'ব৷আন এটা পাত্ৰত ব্ৰেড দুখন হাতেৰে মোহাৰি গুৰি কৰি ল'ব৷মাংস টুকুৰা ঘোলত ডুবাই ভালদৰে মিশ্ৰণটোত লেতিয়াই ব্ৰেডৰ গুৰিত ভালদৰে সানি ১০ মিনিট ফ্ৰীজত ৰাখিব৷কেৰাহীত তেল গৰম কৰি মাংসৰ টুকুৰা কেইটা ফ্ৰাই কৰি গৰমে গৰমে পৰিবেশন কৰিব৷
👩🍳 Chiranjeeta Borah
Comments
Post a Comment