মাতনত কিনা পেকেটৰ গুৰি মচলা নাই দিয়া, গোটা গৰম মচলা দিছো আৰু অমিতাৰ লগত বনাইছো। জহা চাউল অলপ আছিল,তাৰে জীৰা দিয়া ভাত বনালো।
#mutton_gravy : তেল গৰম কৰি তেজপাত, ইলাচি, লং,ডালচিনি, যাবিত্ৰী, ষ্টাৰ এনিছ, ডাঙৰ ইলাচি দি কুটি লোৱা পিয়াজ দিলো আৰু ৰঙচুৱা হোৱাকৈ ভাজি আদা নহৰুৰ পেষ্ট দিলো।কিছু সময় ভজাৰ পিছত মাংস দিলো আৰু high flame ত কেইমিনিটমান ভাজিলো। অমিতা দিলো আৰু অলপ পানীৰ লগত হালধি, নিমখ, কাশ্মীৰী ৰেড চিলি গুলি দিলো মাংসৰ লগত। কম জুইত সিজিবলৈ দিলো কমেও আধা ঘন্টা। এচিকুট জাইফলৰ গুৰি দিলো আৰু আলু কেইডোখৰ মান দিলো। পাঁচমিনিত মান কুকাৰত দি 5 টামান হুইছেল দিলো। পিছত ধনীয়া দি পৰিবেশন কৰিলো।
#জীৰা_দিয়া_জহা_ভাত:- চছপেন এটাত পানী গৰম কৰি তেল অলপ দিলো আৰু চাউল দি সিজাই ললো। ফুটা থকা পাত্ৰত টুকি ঠাণ্ডা পানী দি আকৌ টুকিলো। তেলত জীৰা দি সিজোৱা ভাতখিনি দি কেইমিনিটমান ইলুটি সিলুটি কৰি নমাই থলো।
Dr Rainy Devi
Comments
Post a Comment