লোকেল চিকেন এক কেঃজিঃ লৈছো। কেৰাহীত ৰিফাইন গৰম কৰি,
তাত গোটা গৰম মছলা
লং-৫টা,
ইলাচী -৫টা,
ডালচেনি- এটুকুৰা
নাম মাত্ৰ খুন্দি দিলো, সুন্দৰ গোন্ধ ওলোৱাত ৫টা ডাঙৰ কুটা পিয়াঁজ দি অলপ সময় ভাজি, দুচামুচ আদা নহৰুৰ পেষ্ট দি, তেল বিৰিঙি উঠালৈ ভাজি, তেজপাত এটা দিলো। বাতি এটাত জিৰা গুৰি, ধনিয়া গুৰি, কাশ্মিৰী লাল মির্ছ পাউদাৰ, হালধি এই সকলোবোৰ দি ভালদৰে পানীৰে ঘুলী ডাঠ পেষ্ট বনাই কেৰাহীত ঢালি তেল বিৰিঙি উঠালৈ পুনৰ ভাজি মাংসখিনি দিলো, কেচাঁ জলকীয়া ফালি দিলো, নিমখ আৰু নাম মাত্ৰ চেনি দিলো ।
(মাংস ভাজি থাকোতেই মই গোটা কাজু কেইটামান পেলাই দিও, টেষ্ট টো ভাল লাগে)।
মাংস আধা সিজা হোৱাত গৰম মছলা গুৰি দি অলপ ভাজি ,প্রায় ৩০০ গ্ৰাম মান দৈ ভালদৰে ফেটি লৈ তাত ঢালি দিলো। দৈৰ পানী শুকাই তেল বিৰিঙি উঠিলে, প্ৰয়োজন অনুসৰি পানী দি উতলাই গ্রেভী ডাঠ হোৱাত অলপ কচুৰী মেথি মোহাৰি দি উতল এটা মৰাই নমাই থলো।
👩🍳 Ashanina Borpatra Gohain
Dahi Chicken Recipe |
Comments
Post a Comment