Chicken changezi

Chicken changezi

ৰেচিপি: আধা কেজি মুৰ্গী মাংস এচামুচ নিমখ,এচামুচ ৰেড চিলি পাউদাৰ,এচামুচ নেমু ৰস,এচামুচ আদা-নহৰুৰ পেষ্ট,আধা কাপ দৈ সানি মেৰিনেড কৰি থ'লো ১ ঘণ্টা৷কেৰাহীত মাংসখিনি দি পানী শুকাই যোৱালৈকে ৰাখি নমাই থ'লো৷কেৰাহীত দুচামুচ মিঠাতেল দি ডাঙৰ দুটা পিয়াঁজ কাটি দিলো৷১০ টা মান কাজু দিলো৷অলপ ভজা হ'লে পিয়াঁজ আৰু কাজুখিনি মিক্সীত পেষ্ট বনাই ল'লো৷কেৰাহীত পুণৰ ৫,৬ চামুচ তেল দি দুচামুচ আদা-নহৰুৰ পেষ্ট দি ১ মিনিটমান ভাজিলো৷বিলাহী দুটা পেষ্ট কৰি দিলো৷এচামুচ জালুকৰ গুৰি,এচামুচ চাট মচালা,এচামুচ মিট মচালা আৰু অকনমান আন্দাজমতে নিমখ দিলো৷২ কাপ গাখীৰ দিলো৷মুৰ্গী মাংসখিনি দিলো৷৪ চামুচ ক্ৰীম দিলো৷তেল যেতিয়া ওপৰত বিৰিঙি উঠিব,এচামুচ কচুৰি মেথি আৰু ধনিয়া পাত দি নমাই গৰমে গৰমে পৰিবেশন কৰিলো৷

👩‍🍳 Chiranjeeta Borah

Chicken changezi

Comments