উপকৰণ - ১. মাংস এপোৱা ।
২. সৰু চাইজৰ আলু এটা ।
৩. মিঠাতেল প্ৰয়োজন অনুসাৰে ।
৪. পিঁয়াজ দুটা ।
৫. ছয় ফুটামান ।
৬. কেচা জলকীয়া দুটা ।
৭. নিমখ, হালধী প্ৰয়োজন অনুসাৰে
৮. অলপমান ধনীয়া পাত ।
৯. অলপমান খৰিচা আৰু খৰিচাৰ ৰস ।
প্ৰণালী - কেৰাহীত তেল দি গৰম হোৱাৰ পাছত পিয়াঁজ দিলো ।পিয়াঁজখিনি ৰঙচুৱা হ'লত খুন্দি ৰখা ৰচূন দিলো আৰু অলপ সিজিবলৈ দিলো ।ইয়াৰ পাছত তাত দিলো অকণমান খৰিচা ।দুটা জলকীয়াও কাটি দিলো ।১ মিনিটমান পাছত মাংসখিনি দিলো আৰু অলপ সময় লৰাই থাকিলো । মাজতে নিমখ আৰু হালধী এড কৰা হ'ল ।ঢাকোন মাৰি অলপ সময় সিজিবলৈ দিলো ।
৫ মিনিটমানৰ পাচত অলপ খৰিচাৰ ৰস আৰু অকণমান খৰিচা দি পুনৰ সিজিবলৈ দিলো ঢাকোন লগাই ।অলপ পাছত সৰু সৰুকৈ কাটি ৰখা আলুখিনি দিলো । ইয়াৰ পাছত ২০ মিনিটমান সময় একেবাৰে কম জুইত ৰান্ধি নমাই থ'লো ।নমোৱাৰ অলপ আগত ধনীয়া কাটি দিলো ।
👩🍳 Munmee Gogoi
Comments
Post a Comment