#তেল _মছলা_বিহীন_খাদ্য #
চিকেন আফগানী
* তিনিটা মান পিয়াজ ,
কেইফুটামন নহৰু ,
এচকল আদা ,
কেচাজলকীয়া ,
লং ,
কাজুবাদাম কেইটামান
আৰু ধনীয়া পাত
গোটেই কেইটা একেলগে বটি পেষ্ট বনাব লাগে । ধুই লোৱা চিকেনৰ ওপৰত পেষ্টখিনিৰ লগতে দৈ , নেমুৰস , কচুৰীমেঠি , নিমখ আৰু গৰম মছলা দি ভালদৰে সানি এক ঘণ্টামান থৈ দিব লাগে । কেৰাহীত তিনি চামোছ ঘিউ গৰম কৰি মেৰিনেট কৰা চিকেনখিনি দি ভালদৰে লৰাই অকণমান পানী দি ১৫ মিনিট ঢাকোন মাৰি সিজিবলৈ দিব লাগে । পিছত ফ্ৰেচ ক্ৰীম দি লৰাই তিনিমিনিটমান ঢাকোন মাৰি নমাই থ'ব লাগে ।
জ্বলাই লোৱা কয়লা এদোখৰ বাতি এটাত মাংসখিনিৰ ভিতৰত দি কয়লাডোখৰৰ ওপৰত লং আৰু ঘিউ দি ৫ মিনিট ঢাকোন মাৰি ৰাখিলে খাব পৰা হৈ যায় ।
👩🍳 Juri Saikia
তেল _মছলা_বিহীন_খাদ্য |
Comments
Post a Comment