পাত_পটল_ফ্রায়

 যিমান পটল আপুনি বনাব বিচাৰে সেই হিচাপে লৈ চুচি লব মূৰ দুটা নকটাকৈ । এতিয়া পটল এটা লৈ চাইড এটা বেকাকৈ লৈ অলপ অলপ কৈ অকীয়াই লওঁক , আমি মাছ যিদৰে অকীয়াই লও অথবা পটল ৰ গাটো দুফালকৈ ভাজোঁতে যি দৰে অকীয়াও । এফালে হোৱাৰ পিছত আনফালে ও তেনেদৰে অকীয়াই লওক আৰু পটল ৰ মাজ ভাগত অলপ কৈ জেগা এৰি দিব নহলে টুকুৰা হৈ যাব । এতিয়া অলপকৈ মূৰ দুটা কাটি লওক যদি বিচাৰে ,মই কাটি লৈছো ।

 তাৰ পিছত নিমখ ,হালধী আন্দাজমতে দি সানি ৰাখি থওক অলপমান । কেৰাহিত তেল গৰম কৰি তাত পটলকেইটা দি ঢাকনি লগাই দি সিজিব দিব । এটাফাল সিজাৰ পিছত লুটিয়াই ইটো ফালো ঢাকনি লগাই দিব । সিজি অহাৰ পিছত ঢাকণি আতৰাই হেতাৰে অলপ হেঁচি দিব দেখিব তেতিয়া পাতখিলাৰ নিচিনা হৈ যাব । অলপ সময় কেৰাহিতে তেনেকৈ ৰাখি নমাই ভাতৰ লগত পৰিবেশন কৰক ।

👩‍🍳DHIRA S BORAH

Comments