কুকুৰা মাংসৰ কাৰি

#কুকুৰা মাংসৰ কাৰি#

  *কুকুৰা মাংস ২৫০গ্ৰাম 

* কণী এটা 

* কৰ্নফ্লৰ দুচামুচ 

* আটা এচামুচ 

* বেচন এচামুচ 

* গৰম মচলা এচামুচ 

*চিলি পাউদাৰ এচামুচ 

* জিৰা গুৰি এচামুচ 

* ভিনেগৰ এচামুচ 

* কেঁ‌চা জলকীয়া 

 * আদা-নহৰু পেষ্ট এচামুচ 

* কাল জিৰা কেইটামন 

* ৰিফাইন তেল 

* পিয়াজ এটা পেষ্ট বনাই ল'ব 

* নিমখ-হালধি নিজৰ সোৱাদ অনুযায়ি ল'ব। 


 ৰন্ধন প্ৰণালীঃঃ- মাংসখিনি ভালকৈ ধুই অলপ সময় পানী টুকি ৰাখিব। এতিয়া তেলৰ বাহিৰে সকলোবোৰ উপকৰণ পাত্ৰ এটাত ভালকৈ পেষ্ট বনাই লব আৰু মাংস খিনিৰ লগত মেৰিনেত কৰি ১০মিনিটমান ৰাখিব।কেৰাহিত তেল গৰম হবলৈ দি মেৰিনেত কৰা মাংস খিনি এটা এটাকৈ দ্বীপ ফ্ৰাই কৰি লব।ফ্ৰাই কৰা পাছত সেই তেলতে পিয়াজ পেষ্ট,কাল জিৰা দি আধা ভজা কৰি মেৰিনেত কৰা মছলা পেষ্টখিনি দিব। অলপ সময় গ্ৰেভি হোৱাকৈ ভাজি ফ্ৰাই কৰা মাংসখিনি দিব আৰু ভালকৈ লৰাই গৰম পানী দুকাপ ধালি ঢাকন মাৰি থব।উতল আহিলে জুইৰ ফ্লেমকমাই দিব। জুলখিনি দাঠ হ'লে নমাই ভাতৰ লগত পৰিৱেশন কৰক।

কুকুৰা মাংসৰ কাৰি

👩‍🍳Sunamoni Mili Panging

Comments