পাৰৰ মাংসৰে কলদিল ভাজি :--প্ৰথমে মাংস খিনি কুকাৰত অলপ বেচিকে তেল দি পিয়াজ,আদা নহৰু বটা,নিমখ,জিৰা গুৰি,ধনিয়া গুৰি,গৰম মচলা,মিট মচলা,জলকীয়াৰ গুৰি,নিমখ আৰু হালধি দি ভালকৈ ভাজি লৈছো...এতিয়া তাত আগতে মিহি মিহিকৈ কাটি ৰখা কলদিলখিনি দি অলপ ভাজি লৈ তাত পানী দি কুকাৰৰ হুইছেল মাৰিব দিলো..৫টা হুইছেল মৰাৰ পিছত গেছ অফ কৰি ৰাখিলো..
# #মগুৰ দালি:--প্ৰথমতে দালিখিনি শুকানে কেৰাহিত ভাজি লৈ পিছত ধুই কুকাৰত অলপ পানী দি লগতে নিমখ,হালধি আৰু পিয়াজ দি ৩টা হুইছেল মাৰিব দিলো..এতিয়া কুকাৰতো ঠানদা হোৱাৰ পিছত দালিখিনি কেৰাহিত শুকান জলকীয়া আৰু নহৰু দি ফুৰন দিলো
# #লেচেৰাৰ বড়:--আখলতে আজি পালো এই ৰেচিপিটো..একেবাৰে সহজ ..লগতে খাবলৈও সোৱাদ..প্ৰথমতে লেচেৰা কেইদাল জিলাপীৰ দৰে ভাজ কৰি মাজেৰে খিলা লগাই দিলো..এতিয়া লেচেৰাখিনি এটা এটাকৈ বেচন ,পিঠাগুৰি,নিমখ,হালধি ,জিৰাগুৰি ,জলকীয়াৰ গুৰি আৰু পানীৰে তৈয়াৰ কৰা ঘোলত দুবাই গৰম তেলত ৰঙচুৱা হোৱাকে ভাজিছো #
Alin Ahmed Rashid
Comments
Post a Comment